ETV Bharat / state

জোনাইত ক'ভিড যোদ্ধাক AJYCPৰ সম্বৰ্ধনা

author img

By

Published : Jun 11, 2021, 12:03 PM IST

জোনাই খণ্ড প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগনত জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানক সম্বৰ্ধনা জনোৱাৰ লগতে ক'ভিড (Covid) ৰ বাবে বিপদৰ সন্মুখীন হোৱা পৰিয়াল সমূহক সহায় আগবঢ়াইছে সংগঠনটোৱে ৷

covid-19-warriors-felicitated-by-ajycp-at-jonai
জোনাইত ক'ভিড যোদ্ধাক AJYCP ৰ সম্বৰ্ধনা

জোনাই, 11 জুন : ক'ভিড (Covid)ৰ ভয়াৱহতাৰ মাজতে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ইয়াৰ বিৰুদ্ধে যুঁজ দি থকা একাংশ স্বাস্থ্যকৰ্মীক বৃহস্পতিবাৰে সম্বৰ্ধনা জনালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ জোনাই আঞ্চলিক সমিতিয়ে ৷ সম্বৰ্ধনাৰ প্ৰথম কাৰ্যসূচী হিচাপে জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগনত জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানৰ দ্বাৰা বৃক্ষৰোপন কৰা হয় ৷ ইয়াৰ পাছতে জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত ক'ভিড যোদ্ধা সকলক সন্মান জনাই গামোচা, এজোপা গছপুলি আৰু একোখনকৈ মানপ্ৰত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখযোগ্য যে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP) জোনাই মহকুমাত ইতিমধ্যে বহু সেৱামূলক কাম আৰম্ভ কৰা হৈছে ৷ অতিমাৰী কৰ’ণা (Corona)ৰ এই জটিল সন্ধিক্ষণত পদ পথৰ ব্যৱসায়ী, দিন হাজিৰা কৰা লোক আৰু ক'ভিড (Covid)ত আক্ৰান্ত হৈ হোম কোৱাৰেন্টাইন হৈ থকা জোনাই অঞ্চলৰ পৰিয়াল সমূহক অত্যাৱশ্যকীয় সামগ্ৰী ঘৰত যোগান ধৰাৰ ব্যৱস্থা কৰিছে সংগঠনটোৱে ৷

উক্ত সম্বৰ্ধনা অনুষ্ঠানত ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ সভাপতি জ্ঞান শৰ্মা, কাৰ্যনিৰ্বাহক নীল গগৈ, জিলা সমিতিৰ সাংগঠনিক সম্পাদক ধিৰাজ মিৰি, প্ৰচাৰ সম্পাদক জিতেন মিলি, জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা সম্পাদক সত্য হাজৰিকা লগতে সংগঠনটোৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে ৷

লগতে পঢ়কঃ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিলে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.