ETV Bharat / state

জোনাইত ক’ভিড মহামাৰী সন্দৰ্ভত সজাগতা শিবিৰ

author img

By

Published : Apr 20, 2021, 4:44 PM IST

অসম গ্ৰামীণ জীৱিকা অভিযান অসম-মুৰ্কংচেলেক খণ্ড অভিযান শাখাৰ উদ্যোগত সোমবাৰে ক’ভিড-19 সম্পৰ্কে এক সজাগতা শিবিৰ অনুষ্ঠিত ৷ মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এই শিবিৰ অনুষ্ঠিত হয় ৷

মূৰ্কংচেলেক খণ্ড অভিযান শাখাৰ উদ্যোগত ক’ভিড মহাৰীৰ সজাগতা শিবিৰ

জোনাই, 20এপ্ৰিল: অসম গ্ৰামীণ জীৱিকা অভিযান অসম-মুৰ্কংচেলেক খণ্ড অভিযান শাখাৰ উদ্যোগত সোমবাৰে ক’ভিড-19 সম্পৰ্কে মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এক সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ মহামাৰী ক’ভিড-১৯ ৰ দ্বিতীয় পৰ্যায়ৰ ভয়াৱহতা, ইয়াৰ প্ৰভাৱ আৰু ল’বলগীয়া সাৱধানতা সন্দৰ্ভত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত খণ্ড প্ৰকল্প সঞ্চালক জেচমিন দলে শুভাৰম্ভ কৰা প্ৰশিক্ষণত উন্নয়ন খণ্ডৰ অধীনৰ ১৫খন গাঁও পঞ্চায়তৰ ১৮ গৰাকী জীৱিকা সখী আৰু পোহৰ আদৰ্শ মণ্ডল পৰ্যায় সংগঠনৰ বিষয়-ববীয়াসহ ২৫গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

প্ৰশিক্ষণত ক’ভিড ভেকচিন, ক’ভিড মহামাৰীৰ সময়ত গ্ৰহণ কৰিবলগীয়া নীতি নিয়ম, স্বাস্থ্য পৰীক্ষা আৰু স্বাস্থ্যৰ যত্ন তথা ক’ভিডৰ দৰে ভাইৰাছ প্ৰতিৰোধৰ বাবে ল’বলগীয়া সাৱধানতা সন্দৰ্ভত আলোচনা কৰা হয় ।

২৪ এপ্ৰিলৰ ভিতৰত উন্নয়ন খণ্ডৰ অধীনৰ প্ৰতিটো মণ্ডল পৰ্যায়ৰ সংগঠন, গ্ৰাম্য সংগঠন আৰু আত্মসহায়ক গোটৰ সকলো সদস্যক সামৰি অনুৰূপ ধৰণে প্ৰশিক্ষণ গ্ৰহণ কৰি ক’ভিড মহামাৰী প্ৰতিৰোধ কৰাৰ বাবে সংকল্প গ্ৰহণ কৰি আগশাৰীৰ যোদ্ধা হিচাপে থিয় দিয়াৰ প্ৰতিশ্ৰুতি লোৱা হয় ।

লগতে পঢ়ক: মহাৰাষ্ট্ৰত মৃতদেহ সৎকাৰ কৰিলে মুছলমান যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.