ETV Bharat / state

অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বিৰুদ্ধে তৰা গোচৰৰ ২ জুলাইত পুনৰ শুনানি

২ জুলাইত পুনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বিৰুদ্ধে তৰা গোচৰৰ ৷ অনুষ্কা শৰ্মাই প্ৰযোজনা কৰা "পাতাললোক" নামৰ এটা ৱেব চিৰিজত গোৰ্খা সম্প্ৰদায়ক  লজ্জানত কৰি এটা বিশেষ দৃশ্যত নেপালী নাৰীৰ  চৰিত্ৰৰ প্ৰতি অশ্লীল শব্দ প্ৰয়োগ কৰা বুলি অভিযোগ উঠিছিল ৷

case against anuska sharma
case against anuska sharma
author img

By

Published : Jun 9, 2020, 1:27 AM IST

Updated : Jun 9, 2020, 5:38 AM IST

জোনাই , ৮ জুন : বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী, প্ৰযোজক অনুষ্কা শৰ্মাৰ বিৰুদ্ধে যোৱা ৩ জুনত জোনাই মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত তৰা হৈছিল এটা গোচৰ ৷ "পাতাললোক" শীৰ্ষক ৱেব চিৰিজটোৰ প্ৰযোজক অনুস্কা আৰু শিল্পী তথা কলা-কুশলীৰ বিৰুদ্ধে IPC-153A/500/504/34 আৰু CR 04/2020 নম্বৰ তৰা গোচৰত সোমবাৰে প্ৰথটো শুনানিৰ দিন ধাৰ্য কৰা হৈছিল ৷ গোচৰীয়া পক্ষৰ অধিবক্তা ৰাজু ছেত্ৰীয়ে জানিবলৈ দিয়া মতে প্ৰথম শুনানিত মহামান্য জোনাই মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে অহা ২ জুলাই তাৰিখে যথোচিৎ হুকুমৰ কাৰণে পুনৰ শুনানিৰ দিন ধাৰ্য কৰিছে ৷

উক্ত দিনটোত মহামান্য আদালতে ভাৰতীয় কাৰ্যবিধি আইনৰ ধাৰা ২০০ মতে গোচৰীয়াৰ আৰু সাক্ষীৰ মন্তব্য গ্ৰহণ কৰিব ৷ তাৰ ওপৰত ভিত্তি কৰি গোচৰ সক্ৰান্তত মহামান্য আদালতে পৰৱৰ্তী ৰায় প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, বলিউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী সকলৰ একাংশই চিনেমাৰ জৰিয়তে হওক বা ৱেব চিৰিজৰ জৰিয়তে হওক উত্তৰ-পূবক তাচিল্য মন্তব্য কৰাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হোৱা দেখা যায় ৷

অনুষ্কা শৰ্মাৰ বিৰুদ্ধে তৰা গোচৰৰ ২ জুলাইত পুনৰ শুনানি

বলিউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই প্ৰযোজনা কৰা "পাতাললোক" নামৰ এটা ৱেব চিৰিজত গোৰ্খা সম্প্ৰদায়ক লজ্জানত কৰি এটা বিশেষ দৃশ্যত নেপালী নাৰীৰ চৰিত্ৰৰ প্ৰতি অশ্লীল শব্দ প্ৰয়োগ কৰি সমগ্ৰ গোৰ্খা সম্প্ৰদায়টোক জনমানসত অপমান কৰাক লৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই মহামান্য আদালতৰ জড়িয়তে যথোচিৎ শাস্তি পোৱাৰ আশা কৰিছে ৷
লগতে পঢ়ক : ডিব্ৰুগড়ত কোৱাৰেন্টাইন ৰামেশ্বৰ তেলী

Last Updated : Jun 9, 2020, 5:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.