ETV Bharat / state

Half constructed concrete bridge: অৰ্ধ নিৰ্মিত পকী দলঙে জ্বলা কলা খুৱাইছে চিলাপথাৰৰ উজনী চিচিটঙাণী ৰাইজক - চিলাপথাৰৰ উজনী চিচিটঙাণী

উন্নয়নক লৈ তিল মানো গুৰুত্ব নাই ধেমাজি জিলাৰ লোকনিৰ্মাণ বিভাগৰ । ফলত ভঙা দলঙৰেই যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে । ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়খণ্ডৰ অন্তৰ্গত উজনী চিচিটঙাণী পঞ্চায়ত আৰু চিলাপথাৰ নগৰৰ সংযোগী এক মাত্ৰ যাতায়াত ব্যৱস্থাৰ পয়া লগা দৃশ্য (Bamboo bridged in Dhemaji) । টকা দি পাৰা পাৰ হ’ব লাগে দলঙৰ ওপৰেদি ৷

Corruption in bridge construction in Dhemaji
অৰ্ধ নিৰ্মিত পকী দলঙে জ্বলা কলা খুৱাইছে চিলাপথাৰৰ উজনী চিচিটঙাণী ৰাইজক
author img

By

Published : Dec 24, 2022, 2:06 PM IST

অৰ্ধ নিৰ্মিত পকী দলঙে জ্বলা কলা খুৱাইছে চিলাপথাৰৰ উজনী চিচিটঙাণী ৰাইজক

জোনাই ,২৪ ডিচেম্বৰ: উন্নয়নক লৈ তিলমানো গুৰুত্ব নাই ধেমাজি জিলাৰ লোকনিৰ্মাণ বিভাগৰ । তদুপৰি সমষ্টিৰ উন্নয়নত সদিচ্ছাৰ অভাৱ স্থানীয় জনপ্ৰতিনিধিৰ । ফলত ভঙা দলঙৰেই যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে । আজিৰ এই প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত উজনী চিচিটঙাণী পঞ্চায়ত আৰু চিলাপথাৰ নগৰৰ সংযোগী একমাত্ৰ যাতায়াত ব্যৱস্থাৰ পয়ালগা দৃশ্যৰ কথা (Bamboo bridged in Dhemaji) ।

অঞ্চলবাসীৰ এখন পকী দলঙৰ ওপৰেদি যোগাযোগ ব্যৱস্থাৰ সপোন দেখা ৰাইজৰ আশা আজিও বাস্তৱত পৰিণত নহ’ল । উল্লেখ্য যে ৪ বছৰ পূৰ্বে টঙানী নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । সেইমতে ৰাইজেও পঁকী দলঙৰে যাতায়তৰ সপোন দেখিছিল ৷ কিন্তু নাই, নহ’ল ৷ বাস্তৱত পৰিণত নহ’ল ৰাইজৰ সপোন ৷ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰি আধাতে কাম সামৰিলে ঠিকাদাৰে ৷

আজিও পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে অৰ্ধ নিৰ্মিত দলংখন (Half constructed concrete bridge in Dhemji) । দেশৰ স্বাধীনতাৰ পূৰ্বে স্থানীয় ৰাইজে যি ধৰণে যাতায়ত ব্যৱস্থা অব্যাহত ৰাখিছিল আজিও সেইদৰেই অব্যাহত ৰাখিছে যাতায়াত ৷ ইফালে টঙানী নদীৰ ওপৰত নিৰ্মিত এখন বাহঁৰ দলঙৰে ৰাইজে বৰ্তমান অব্যাহত ৰাখিছে যাতায়াত ব্যৱস্থা ৷ কিন্তু উল্লেখনীয় বিষয় যে এই বাহঁৰ দলঙৰে বিনামূলীয়াকৈ পাৰ হ’ব নোৱাৰে কোনো লোক ৷ কাৰণ এই বাহঁৰ দলংখনেৰে যাতায়ত কৰিবলৈ প্ৰত্যকগৰাকী যাত্ৰীয়ে দিব লাগে টকা ৷ যিহেতু এইদলংখন ব্যক্তিগতভাৱেহে নিৰ্মিত, সেয়াহে দলংখনৰে পাৰ হ’বলৈ হ’লে দিব লাগে ধন ৷

১০ ৰ পৰা ৩০ টকাকৈ দি ধেমাজি সদৰ আৰু চিলাপথাৰ নগৰলৈ যোগাযোগ ব্যৱস্থা অব্যাহত ৰাখিছে ৰাইজে ৷ প্ৰায় ২৫ খন গাৱঁৰ জনসাধাৰণে এই বাঁহৰ দলংখনেৰে যাতায়াত কৰিবলগীয়া হয় ৷ ফলত যাতায়াতৰ ক্ষেত্ৰত বহু সমস্যাৰো সন্মুখীন হ’বলগীয়া হয় ৷ বিশেষকৈ গাঁওখনৰ ছাত্ৰ-ছাত্ৰীয়ে টঙানী নৈৰ ওপৰেদি বাহঁৰ দলঙৰে পাৰা পাৰ হৈ বিদ্যালয়লৈ যাবলগীয়া হয় ৷ আনকি জৰুৰীকালীন অৱস্থাত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ এখন এম্বুলেঞ্চ সোমাই আহিব নোৱাৰা এই গাঁওসমূহৰ লোকে ৰোগীক ভাৰ বান্ধি বাৰিষাৰ সময়ত নাৱেৰে পাৰ হৈ চিকিৎসালয়লৈ নিয়াৰ বাহিৰে বিকল্প ব্যৱস্থা নাই এওঁলোকৰ ৷

এতিয়া প্ৰশ্ন হয় কেতিয়া চৰকাৰৰ সু দৃষ্টি পৰিব ধেমাজি জিলাৰ এইসমূহ গাঁৱলৈ ? নে এনেকৈয়ে মৰণক শৰণ দি ৰাইজে যাতায়ত অব্যাহত ৰাখিব লাগিব ? বৰ্তমান পৰ্যন্ত কিয় অৰ্ধনিৰ্মিত হৈ আছে এই দলংখন ? ধেমাজি জিলাৰ লোকনিৰ্মাণ বিভাগে এই ক্ষেত্ৰত কোনো খবৰ ৰাখিছে নে ?

লগতে পঢ়ক: Poor road Condition at Rangia: মৰণফান্দলৈ পৰিণত হৈছে ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়লৈ যোৱা পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.