ETV Bharat / state

ধেমাজিৰ চিচিবৰগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত অনিয়মৰ অভিযোগ - কৰ্মচাৰী

ধেমাজি জিলা চিচিবৰগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত অৰাজকতাৰ অভিযোগ ৷ অংগনবাদী কেন্দ্ৰসমূহত নিম্নমানৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ অভিযোগ স্থানীয় ৰাইজ আৰু দল সংগঠনৰ ৷

Corrupted official in Dhemaji exploiting Government sector
ধেমাজিৰ চিচিবৰগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত অৰাজকতা
author img

By

Published : Aug 28, 2020, 8:31 PM IST

ধেমাজি, 28 আগষ্ট : ৰাজ্যত COVID-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে ধেমাজি জিলাৰ চিচিবৰগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়লৈ চালানবিহীন ভাৱে সামগ্ৰী কঢ়িওৱা গাড়ী স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখে ৷ অংগনবাদী কেন্দ্ৰসমূহত নিম্নমানৰ সামগ্ৰী যোগান ধৰাৰ অভিযোগত স্থানীয় ৰাইজে আবদ্ধ কৰি ৰাখিলে গাড়ী কেইখন ৷

ধেমাজিৰ চিচিবৰগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত অনিয়মৰ অভিযোগ

অভিযোগ অনুসৰি, ধেমাজি জিলা চিচিবৰগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত অৰাজকতাৰ অভিযোগ উখাপন হৈছিল ৷ অংগনবাদী কেন্দ্ৰসমূহত নিম্ন মানৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ অভিযোগ স্থানীয় ৰাইজ আৰু দল সংগঠনৰ ৷ সেয়ে অংগনবাডী কেন্দ্ৰলৈ অহা বিভিন্ন সামগ্ৰী ভৰ্তি ট্ৰাক স্থানীয় ৰাইজে চালানবিহীন বুলি অভিযোগ তুলি বৃহস্পতিবাৰে সামগ্ৰীসহ তিনিখন ট্ৰাক কাৰ্যালয়ৰ চৌহদতে আবদ্ধ কৰে স্থানীয় ৰাইজ আৰু দল সংগঠনৰ কৰ্মীয়ে ৷

ধেমাজিৰ চিচিবৰগাঁও সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত অৰাজকতা

আনহাতে জিলা শিশু প্ৰকল্প বিষয়া গৰাকীয়ে দীৰ্ঘদিন ধৰি অকলেই কেইবাটাও কেন্দ্ৰ মইমতালিৰে পৰিচালনা কৰি আহিছে বুলিও উত্থাপন হৈছে অভিযোগ ৷ সময়মতে শিশুক খাদ্য যোগান নধৰি বহু পলমকৈ যোগান ধৰাৰ বাবে নষ্ট খাদ্যহে শিশুসকলে লাভ কৰে ৷ সেয়ে এনে অনিয়ম নকৰিবলৈ সকীয়াই দিছে বিভাগটোৰ বিষয়া কৰ্মচাৰীক স্থানীয় ৰাইজ আৰু দল সংগঠনে ৷ ইপিনে, কাৰ্যালয়ত কৰ্মৰত মহিলা কৰ্মচাৰী এগৰাকীয়ে জনোৱা অনুসৰি, চালান নাই যদিও জিলা বিষয়া গৰাকীৰ নিৰ্দেশ মৰ্মে অঞ্চলটোৰ 507 টা কেন্দ্ৰলৈ এই সামগ্ৰীসমূহ অহা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : জগন্নাথ বায়ন আৰু অৰ্জুন চন্দ্ৰ দাসলৈ 'বৰপেটা শিৰোমণি' বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.