ETV Bharat / state

ধেমাজিত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 55 জনলৈ বৃদ্ধি - কোৱাৰেণ্টাইন শিৱিৰ

ধেমাজিত বৰ্তমানলৈকে কৰ'ণা আক্ৰান্তৰ সংখ্যা 55  জনলৈ বৃদ্ধি/জোনাইত পুনৰ 4 জন আৰু চিলাপথাৰ 1 জনৰ দেহত ক'ভিড-19 পজিটিভ

corona positive cases in dhemaji
ধেমাজিত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 55 জনলৈ বৃদ্ধি
author img

By

Published : Jun 7, 2020, 10:54 PM IST

Updated : Jun 8, 2020, 12:01 PM IST

জোনাই, 7 জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 55 জনলৈ বৃদ্ধি হৈছে ৷ জোনাইত পুনৰ 4 জন আৰু চিলাপথাৰত 1 জনৰ দেহত ক'ভিড-19 পজিটিভ ধৰা পৰে ৷ জিলাখনৰ জোনাইত আজি চাৰিজন যুৱকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে । জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন শিৱিৰত কোৱাৰেণ্টাইন হৈ আছিল যুৱক কেইজন । আনহাতে, বৰ্তমানলৈকে জোনাইত 7 জন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।আজি আক্ৰান্ত ৰোগীকেইজনৰ নাম ডিমৌ লামাৰ অৰুণ দলে (22), চিমেন মুখৰ সৰ্বানন্দ মিলি(22) , মুন্না চুংক্ৰাং(22) আৰু তিলেশ্বৰ মিলি (35)৷ ইয়াৰে অৰুন দলে গোৱাৰ পৰা আহি যোৱা 1 জুনত আৰু চিমেনমুখৰ তিনিজন চেন্নাইৰ পৰা 26 মে'ত আহি উপস্থিত হৈছিল জোনাইৰ মূৰ্কংচেলেক মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেন্টাৰত ৷ বৰ্তমান জোনাইৰ 7 জন কৰ'ণা আক্ৰান্ত ৰোগীৰ 4 জনক ধেমাজি অসামৰিক চিকিৎসালয়ত আৰু আজিৰ কৰ'ণা আক্ৰান্ত ৰোগী 3 জনক চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

corona positive cases in dhemaji
ধেমাজিত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 55 জনলৈ বৃদ্ধি

আনহাতে, চিলাপথাৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ওলাল প্ৰথমজন কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগী। জানিব পৰা মতে, ডেকাপাম তিনি আলি নিবাসী ৰাজেন কামানৰ পূত্ৰ ধীৰাজ (7) কামান যোৱা 1 জুনত নতুন দিল্লীৰ পৰা আকাশী পথেৰে আহি চিলাপথাৰ হোটেল ব্ৰহ্মপুত্ৰত কোৱাৰেণ্টাইন শিবিৰত আশ্ৰয় লৈছিল। অৱশেষত এটা সপ্তাহৰ পিছতে কৰা স্বাৱ নমুনাত যুৱকজনৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। স্বাস্থ্য বিভাগে হোটেলৰ পৰা আজি পুৱাই ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃমহানগৰীত পিঞ্জৰাৱদ্ধ নাহৰফুটুকীৰ মৃত্যু

Last Updated : Jun 8, 2020, 12:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.