ETV Bharat / state

বৰষুণৰ বাবে স্থগিত মথাউৰি নিৰ্মাণৰ কাম: চৰকাৰৰ বিৰুদ্ধে ঠিকাদাৰৰ ক্ষোভ

author img

By

Published : May 17, 2022, 8:14 PM IST

বাৰিষাৰ প্ৰাকমুহূৰ্তত এনেদৰে ধেমাজি জিলাৰ দুটাকৈ মথাউৰি নিৰ্মাণৰ কাম বৰষুণৰ বাবে স্থগিত ৰাখিব লগীয়া হোৱাত আগন্তুক দিনবোৰক লৈ চিন্তিত হৈ পৰিছে ধেমাজিবাসী ৷ মথাউৰি নিৰ্মান কৰাৰ বাবে চৰকাৰে পদ্ধতিগতভাৱে আগুৱাই নিদিয়াৰ বাবেই এতিয়া মথাউৰি কাম শেষ কৰিব পৰা নাই বুলি অভিযোগ কৰিছে ঠিকাদাৰে (Contractor being unhappy with Assam government) ৷

বৰষুণৰ বাবে স্থগিত মথাউৰি নিৰ্মাণৰ কাম: চৰকাৰৰ বিৰুদ্ধে ঠিকাদাৰৰ ক্ষোভ
বৰষুণৰ বাবে স্থগিত মথাউৰি নিৰ্মাণৰ কাম: চৰকাৰৰ বিৰুদ্ধে ঠিকাদাৰৰ ক্ষোভ

ধেমাজি, 17 মে’: নেৰেনেপেৰা বৰষুণে ধেমাজি জিলাৰ জীয়াঢল নদীৰ কুমটীয়া সোঁপাৰৰ নৱনিৰ্মিত মথাউৰিলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি (Threat to river embarkment in Dhemaji) ৷ কিয়নো এই মথাউৰিত এতিয়া মেলিছে বৃহৎ বৃহৎ ৰেইন কাট ৷ বৰষুণৰ বাবে ধেমাজিত জীয়াঢলৰ সোঁপাৰৰ চাৰে চাৰি কিলোমিটাৰ দৈঘ্যৰ মথাউৰি নিৰ্মান কাৰ্যত নামি পৰিছে স্থবিৰতা ৷

সেয়ে সময় মতে মথাউৰি নিৰ্মান কৰাৰ বাবে চৰকাৰে পদ্ধতিগতভাৱে আগুৱাই নিদিয়াৰ বাবেই এতিয়া মথাউৰি কাম শেষ কৰিব পৰা নাই বুলি অভিযোগ কৰিছে ঠিকাদাৰে ৷ আধাতে কাম কাজ সামৰিব লগীয়া হোৱাৰ বাবেও ক্ষুন্ন হৈছে ঠিকাদাৰ (Contractor being unhappy with Assam government) ৷ সেয়ে ৰাইজ উপকৃত হ’ব পৰাকৈ আৰু আগতীয়াকৈ কাম কৰিব পৰাকৈ সুবিধা কৰি দিয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা জলসম্পদ মন্ত্ৰী গৰাকীলৈ এতিয়া ঠিকাদাৰে জনাইছে অনুৰোধ ৷

ইপিনে, বাৰিষাৰ প্ৰাকমুহূৰ্তত এনেদৰে ধেমাজি জিলাৰ দুটাকৈ মথাউৰি নিৰ্মাণৰ কাম বৰষুণৰ বাবে স্থগিত ৰাখিব লগীয়া হোৱাত আগন্তুক দিনবোৰক লৈ চিন্তিত হৈ পৰিছে ধেমাজিবাসী ৷ উল্লেখ্য যে, অসমৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনত অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত (Incessant rains in Assam ) ফেনে-ফুটুকাৰে ওফন্দি উঠা ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহৰ পানীয়ে ৰাজ্যত বাৰিষাৰ প্ৰথমটো বানৰ সৃষ্টি কৰিছে (First wave Assam floods affects 6 districts) ।

ৰাজ্যৰ পাঁচ ঠাইত মথাউৰি চিগাৰ তথ্য অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰিছে । বানত এইপৰ্যন্ত ৰাজ্যৰ আঠখন জিলা ক্ৰমে কাছাৰ, ধেমাজি, হোজাই, পশ্চিম কাৰ্বি-আংলং, নগাঁও, বৰপেটা, নলবাৰী আৰু কামৰূপ মহানগৰ জিলা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ২৩০খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে ৷ এই বানত ক্ষতিগ্ৰস্ত হৈছে ৫৬,৭৬৯জন লোক । ১০,৩২১.৪৪ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক : লণ্ডনৰ আদালতত মুকুল হাজৰিকাৰ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.