ETV Bharat / state

জয় কৃষ্ণগুৰু ধ্বনিৰে মুখৰিত ধেমাজিৰ কাছাৰী ময়দান - আধ্যাত্মিক দিশ

ধেমাজিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষ্ণগুৰু আধ্যাত্মিক মহিলা সমিতিৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশনৰ শুকুৰবাৰে অন্তিম দিনা সমবেত হ'ল অগণন ভক্ত ৷ শাৰদীয় উৎসৱমুখৰ পৰিবেশৰ মাজতে অন্তিম দিনা পুৱাই এক শোভাযাত্ৰা উলিওৱা হয় ৷ কৃষ্ণগুৰুৰ অধিৱেশনত মুখ্যমন্ত্ৰী সোণোৱাল ৷

কৃষ্ণগুৰুৰ অধিৱেশনত মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Oct 4, 2019, 6:17 PM IST

ধেমাজি, ৪ অক্টোবৰঃ ভক্তিৰসত নিমজ্জিত হ'ল ধেমাজি কাছাৰী ময়দান ৷ প্ৰতিকূল বতৰতো জয় কৃষ্ণগুৰু ধ্বনিৰে মুখৰিত ধেমাজি কাছাৰী ময়দান । ধেমাজিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষ্ণগুৰু আধ্যাত্মিক মহিলা সমিতিৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশনৰ শুকুৰবাৰে অন্তিম দিনা সমবেত হ'ল অগণন ভক্ত ৷ শাৰদীয় উৎসৱমুখৰ পৰিবেশৰ মাজতে অন্তিম দিনা পুৱাই এক শোভাযাত্ৰা উলিওৱা হয় ৷ ইয়াৰ পাছতেই বিয়লি ২ বজাত মুকলি সভাত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সহ সাংস্কৃতিক মন্ত্ৰী নৱ দলে, বিধায়ক ৰিতুপৰ্ণ বৰুৱা আৰু ধেমাজিৰ বিধায়ক ৰণোজ পেগু ৷

কৃষ্ণগুৰু আধ্যাত্মিক মহিলা সমিতিৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশন

এই সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে আধ্যাত্মিক দিশত গুৰুজনাই পথৰ সন্ধান দি গৈছে, লগতে যি শিক্ষা প্ৰদান কৰি গৈছে ইয়াৰ ফলত উঠি অহা প্ৰজন্মই নিজৰ চৰিত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত উত্তম সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ৷ ইপিনে অচিৰেই মাজুলী-নিমাতি ঘাট, ঢকুৱাখনা-দিচাংমুখ আৰু গহপুৰ-নুমলীগড় নতুন দলং নিৰ্মাণৰ পৰিকল্পনা কথা সদৰি কৰে মুখ্যমন্ত্ৰীগাৰীকয়ে ৷

Intro:জয় কৃষ্ণগুৰু ধৱনিৰে মুখৰিত ধেমাজি কাছাৰী ময়দান ৷
কৃষ্ণগুৰুৰ অধিৱেশনত মুখ্যমন্ত্ৰী সোনোৱালBody:

ধেমাজি , ৪ অক্টোবৰ: ভক্তি ৰসত নিমজ্জিত হল ধেমাজি কাছাৰী ময়দান ৷ প্ৰতিকূল বতৰতো জয় কৃষ্ণগুৰু ধৱনিৰে মুখৰিত ধেমাজি কাছাৰী ময়দান।
ধেমাজিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষ্ণগুৰু আধ্যাত্মিক মহিলা সমিতিৰ সপ্তদশ দ্বি বাৰ্ষিক অধিবেশনৰ আজি শুক্ৰবাৰে অন্তিম দিনা সমবেত হল অগনন ভক্ত ৷শাৰদীয় উৎসৱমুখৰ পৰিবেশৰ মাজতে বুধবাৰে লোকাৰণ্য হৈ পৰিল কৃষ্ণগুৰু মহিলা অধিৱেশনখনি ৷ অন্তিম দিনা দিনৰ ১০ বজাত ভক্ত আৰু আই মাতৃ সকলৰ জৰিয়তে উলিয়াই শোভাযাত্ৰা ৷ইয়াৰ পিছতেই বিয়লি ২ বজাত মুকলি সভাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,সহ সাংস্কৃতিক মন্ত্ৰী নৱ দলে , লাহোৱালৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱা আৰু ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱে ৷ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় - আধ্যাত্মিক দিশতে গুৰুজনাই পথৰ সন্ধান দি গৈছে ,লগতে যি শিক্ষা প্ৰদান কৰি গৈছে ইয়াৰ ফলত
উঠি অহা প্ৰজন্মই নিজৰ চৰিত্ৰ নিমা’ণ কৰাৰ ক্ষেত্ৰত উত্তম সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে ৷ আমি যদি আধ্যাত্মিকভাৱে , সামাজিকভাৱে ,সাংস্কৃ তিকভাৱে ,চহকী হওঁ তেন্ত স্বাভাৱিকতে আথি’ক দিশটোও টনকিয়াল হোৱাৰ ক্ষেত্ৰত সফলতা অজ’ন কৰিব পাৰি ৷
আৰু মন্ত্ৰীগৰাকীয়ে কয় : অসমৰ বুকুত শান্তি অবিহনে প্ৰগতি সম্ভৱ নহয় ৷ শান্তি থাকিলে মানুহে আীৱনৰ কায’সুচীত সময়ত ৰূপায়ণ কৰিব পাৰে ৷গুৰুজনাৰ প্ৰতিটো বাণীৰে আমাৰ জীৱনৰ অত্যন্ত লাগতিয়াল ৷ লগতে মন্ত্ৰীগৰাৰীয়ে কয় - বগীবিল দলং হোৱাৰ বাবে উত্তৰ- দক্ষিন পাৰৰ মাজত যাতায়াত সুচল হোৱাৰ বাবে এক ঘণ্টাত ধেমাজি ত উপস্থিত হব পাৰিছে ৷ ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যে বগীবিল দলং , ঢলা - শদিয়া , শৰাইঘাটৰ দ্বিতীয়খন দলং মুকলি হোৱাৰ কথা কবলৈ নাপাহৰিলে ৷লগতে অচিৰেই আৰু মাজুলী - নিমাতি ঘাট , ঢকুৱাখনা - দিচাংমুখ, আৰু গহপুৰ - নুমলীগড় নতুন দলং নিমাণ’ৰ পৰিকল্পনা কথা সদৰি কৰি লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

speech.,CM

Pradunya Bharali , Dhemaji , Assam .4/10/2019Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.