ধেমাজি, ৩০ মে':আজিৰ দিনটো মিচিং জাতিটোৰ ইতিহাসত সোনালী আখৰেৰে লিপিবদ্ধ হৈ ৰ'ব ৷ জন্মলগ্নৰে পৰা মিচিং আগম কেবাং তথা মিছিং জাতীয় সংগঠনে কৰি অহা দাৱী একাৱন্ন বছৰৰ পিচত ফলপ্ৰসূ হৈছে । বুনিয়াদী পাঠ্যক্ৰমত সন্নিবিষ্ট হ'ল মিচিং ভাষা ৷ মঙলবাৰে গোগামুখত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মিচিং আগম কেবাং আৰু ৰাজ্যিক শিক্ষা গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰা ১১ খন কৈ মিচিং ভাষাৰ কিতাপ উন্মোচন কৰে (Missing Agam Kebang published book) ৷
ধেমাজি জিলাৰ গোগামুখত যোৱা ২৮ মে'ৰ পৰা অনুষ্ঠিত মিচিং ভাষা-সাহিত্যৰ একমাত্ৰ সংগঠন মিচিং আগম কেবাঙৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু ২৪ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশনখন আৰম্ভ হৈছে (Mising Agam Kebangs Golden Jubilee)। গোগামুখস্থিত ৰত্নেশ্বৰ পৗৰমে লত্তাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তী বৰ্ষ আৰু সাধাৰণ অধিৱেশনখনৰ আজি অন্তিম দিনা গোগামুখত উখল-মাখল পৰিৱেশে বিৰাজমান কৰে ৷
মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ টাইডৰ পৌৰোহিত্যতত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM at Mising Agam Kebangs Golden Jubilee)। তদুপৰি বিশিষ্ট অতিথি হিচাপে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন গাম, অমিয় কুমাৰ ভূঞাকে ধৰি মিচিং জাতীয় সংগঠনৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মিচিং আগম কেবাং আৰু ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমে প্ৰকাশ কৰা ১১ খন কৈ মিচিং ভাষাৰ কিতাপ উন্মোচন কৰে (Mising language included in curriculum) ৷
ইফালে ,মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত প্ৰয়াত ভাষাবিদ টাবুৰাম টাইড,নাহেন্দ্ৰ পাদুনকে ধৰি মিচিং আগম কেবাঙক জন্মদিয়া ব্যক্তি সকলক শ্ৰদ্ধা জনোৱাৰ লগতে ইতিহাস সমৃদ্ধ কথাৰে বক্তব্য সামৰে (Mising Agam Kebangs Golden Jubilee in Dhemaji) ৷ ইফালে, মুখ্যমন্ত্ৰী গৰাকীয়ে চিলাপথাৰৰ ভৈৰৱপুৰত অনুষ্ঠিত হোৱা বাঙালী যুৱছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিবেশনৰ মুকলি সভাতো অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক:Morigaon Ex MLA passes away: মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ দেহাৱসান