ETV Bharat / state

ধেমাজিত ৰণ ডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

author img

By

Published : Mar 23, 2021, 7:02 AM IST

সোমবাৰে ১১৩নং ধেমাজি বিধান সভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ভোটাৰ ৰাইজক উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ধেমাজিত ৰণ ডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
ধেমাজিত ৰণ ডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ধেমাজি, 23মাৰ্চ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাজিছে এতিয়া নিৰ্বাচনী ৰণ ডংকা ৷ সোমবাৰে ১১৩নং ধেমাজি বিধান সভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ধেমাজিৰ ৰূপনাথ বক্ষ্ম উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সোমবাৰে বিয়লি প্ৰায় 4:30 বজাত হেলিকপ্তাৰযোগে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ১১৩নং ধেমাজি বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে সাংসদ প্ৰদান বৰুৱা সহ কেইবাজনো নেতা উপস্থিত থাকে ৷

ৰূপনাথ বক্ষ্ম উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা এই সভাত কেইবা সহস্ৰাধিক ভোটাৰ ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰী সোণোৱালে নিৰ্বাচনী ভাষণ প্ৰদান কৰে ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এটা সময়ত বৈষম্য মূলক দৃষ্টিৰে চাইছিল তাৰ বিপৰীতে বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰে বৰ্তমান উত্তৰ অসমক আগুৱাই নিয়াৰ প্ৰয়াস চলাইছে ৷ ধেমাজিৰ উন্নয়নত বিজেপিৰ শাসনাধীস্থ চৰকাৰে বহুখিনি পৰিবৰ্তনৰ জোৱাৰ আনিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আনৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ভোটাৰ ৰাইজক উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বিশদ বিৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.