ETV Bharat / state

Class started with National anthem : জাতীয় সংগীতেৰে আৰম্ভ জোনাই মহাবিদ্যালয়ৰ পাঠদান - Class started with National Anthem of Assam in jonai Science College

জোনাইত এখন মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ ৷ জাতীয় সংগীতেৰে আৰম্ভ মহাবিদ্যালয়খনৰ পাঠদান ৷ ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয় চেতনা আৰু জাতীয়তাবাদ গঢ় দিয়াৰ মানসেৰে এই পদক্ষেপ গ্ৰহণ কৰিছে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ৷

Class started with National Anthem of Assam in jonai Science College
জাতীয় সংগীতেৰে আৰম্ভ জোনাই মহাবিদ্যালয়ৰ পাঠদান
author img

By

Published : Aug 10, 2022, 2:33 PM IST

জোনাই, 10 আগষ্ট: জোনাইৰ বিজ্ঞান মহাবিদ্যালয়ত পুৱা ৯.২০ বজাৰ লগে লগে বাজি উঠে অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ”(National Anthem of Assam O Mur Apunar Dekh) ৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগু প্ৰতিদিনে মহাবিদ্যালয়ত উপস্থিত থাকি নিজৰ তত্বাৱধানত বজাই জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” অথবা “হাম হংগে কামিয়াব” ৷ মহাবিদ্যালয়ত এই জাতীয় সংগীত বাজি উঠাৰ লগে লগে ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী সকলো ঠিয় হয় আৰু তেওঁলোক সেই সময়ত য’তে থাকে তাতে ৰৈ যায় আৰু জাতীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে ৷

জাতীয় সংগীতেৰে আৰম্ভ জোনাই মহাবিদ্যালয়ৰ পাঠদান

মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগুৱে জানিবলৈ দিয়া অনুসৰি ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয়চেতনা আৰু জাতীয়তাবাদ গঢ় দিয়াৰ মানসেৰে হাতত লোৱা হৈছে এই পদক্ষেপ ৷ তেওঁ কয় যে, মহাবিদ্যালয়ত সকলো জাতীয়-জনজাতীয় তথা বিভিন্ন ধৰ্মাৱলম্বী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে ৷ গতিকে শিক্ষানুষ্ঠানৰ স্থান মন্দিৰ মজিদতকৈও উৰ্ধত ৷ সেয়ে নিজৰ জাতীয় সংগীতেৰে সকলোকে উদ্ধুত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল জাতিৰ প্ৰতি দায়বদ্ধ হ’ব ৷ আনহাতে হাম হংগে কামিয়াবৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল সকলো ক্ষেত্ৰতে কৃতকাৰ্য হ’ব, সেই ভাৱনাৰ দ্বাৰা তেওঁলোক উদ্ধুত্ত হ’ব ৷ জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ এই আৰ্দশ আৰু জাতীয়তাবাদে জোনাইৰ সকলো ৰাইজকে প্ৰেৰণা দিছে৷ ইয়াৰ লগতে অসমৰ সকলো মহাবিদ্যালয়ৰ বাবে এক আৰ্দশ স্বৰূপ৷ জোনাইৰ এই মহাবিদ্যালয়ৰ কাৰ্য উঠি অহা প্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ উৎস হওক তাকে কামনা কৰিলো ৷

লগতে পঢ়ক : Assistant Professor commits suicide: যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ অধ্যাপকৰ আত্মহনন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.