ETV Bharat / state

ধেমাজিত চিয়াং নৈৰ সংহাৰী ৰূপঃ আতংকিত ৰাইজ - ETV BHARAT ASDSAM

জোনাইত বহু পৰিয়ালৰ বেৰাচাপৰি মথাউৰিত আশ্ৰয় গ্ৰহণ কৰিবলগা হৈছে ৷ চিয়াং নদীৰ পানী ক্ৰমান্বয়ে বাঢ়ি অহাত মথাউৰিৰ প্ৰতিও নামি আহিছে ভাবুকি ৷ খাদ্য সংকটত পশুধন ৷

ধেমাজিত চিয়াং নৈৰ সংহাৰী ৰূপঃ আতংকিত ৰাইজ
author img

By

Published : Jul 8, 2019, 10:58 PM IST

Updated : Jul 8, 2019, 11:58 PM IST

জোনাই ৮ জুলাইঃ জোনাইত চিয়াং নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। বিগত দুই তিনিদিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি অহা চিয়াং নদীৰ বাঢ়নী পানীয়ে বুঢ়াই পেলাইছে কবু চাপৰি, বেৰা চাপৰিৰ তাৰি বেংগলী ৰাভা কাঠনি,সোণোৱাল কাঠনি গাঁৱকে ধৰি কেবাখনো গাঁও ৷ ক্ৰমান্বয়ে বাঢ়ি অহা চিয়াংৰ পানীত প্লাৱিত হৈছে ন ন অঞ্চল ৷ ইতিমধ্যেই বহুলোকে ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে পশুধন সহ ৷ বাঢ়নী পানীত ডুব গৈছে কেবাখনো গাঁৱৰ ঘৰ বাৰী আৰু কৃষি ভূমি ৷

ধেমাজিত চিয়াং নৈৰ সংহাৰী ৰূপঃ আতংকিত ৰাইজ

আনহাতে চিয়াংৰ বাঢ়নী পানীয়ে খাদ্য সংকট নমাই আনিছে পশুধনলৈ ৷ চিয়াং নদীৰ জলপৃষ্ঠ অস্বাভাৱিক ভাৱে বৃদ্ধি পোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকৰ, বহু পৰিয়ালে ঘৰবাৰী এৰি বেৰাচাপৰি আশ্ৰয় লৈছে। ইফালে বেৰা চাপৰিৰ চিয়াং নদীৰ কাষত থকা বালি মাটিৰে নিৰ্মিত মথাউৰীটোও যিকোনো মুহূৰ্ততে ছিঙি যোৱাৰ আশংকা দেখা দিছে ৷ নিশাৰ ভাগলৈ যদি বৰষুণ হয় তেনেহ'লে চিয়াংৰ বাঢ়নী পানীয়ে মথাউৰিটো চিঙি নিয়াৰ সম্ভাৱনা প্ৰৱল ৷ মথাউৰিটো যদি চিঙি যায় তেনেহ'লে ৩০ খনতকৈও অধিক গাঁও জলমগ্ন হোৱাৰ লগতে বহিঃ বিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিব ৷

Intro:Body:
চিয়াং নদীৰ সংহাৰী ৰূপ ধাৰণ : জোনাইত বহু পৰিয়াল বেৰাচাপৰি মথাউৰীত আশ্ৰয় গ্ৰহণ :: মথাউৰীলৈ তীব্ৰ ভাবুকি ::: খাদ্য সংকটত পশুধন

জোনাই ৮ জুলাই :: জোনাইত চিয়াং নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে।যোৱা দুই তিনিদিনে নেৰানেপেৰাকৈ বৰষুণৰ দি থকাত ফেনে ফুটুকাৰে বাঢ়ি অহা চিয়াং নদীৰ বাঢ়নী পানীয়ে কবু চাপৰি, বেৰা চাপৰিৰ তাৰি বেংগলী ৰাভা কাঠনি, সোণোৱাল কাঠনি গাঁৱকে ধৰি ন ন অঞ্চল প্লাবিত কৰিছে। অঞ্চলটো পৰিয়ালৰ ঘৰ বাৰী আৰু কৃষি ভূমি ডুব গৈছে বাঢ়নী পানীত। চৰণীয়া পথৰবোৰ বাঢ়নী পানীৰে ভৰি পৰা তীব্র খাদ্য সংকট ভুগিছে পশুধনৰ মাজত। চিয়াং নদীৰ জল পৃষ্ঠা অস্বাভাৱিক ভাৱে বৃদ্ধি পাবলৈ ধৰি ভয়ংকৰ ৰূপ ধৰা দেখি অঞ্চলটোৰ ৰাইজ আতংকিত হৈ বহু পৰীয়াল বেৰাচাপৰি মথাউৰীত নিজ নিজ পশুধন সহ আশ্ৰয় লৈছে। ইফালে বেৰা চাপৰিৰ চিয়াং নদীৰ কাষত থকা বালি মাটিৰে নিৰ্মিত মথাউৰীটো যিকোনো মুহূৰ্ততে ছিঙি যোৱাৰ আশংকা হাহাকাৰ পৰিস্থিতিৰ হোৱাৰ লগতে শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজৰ মাজত। চিয়াং নদীৰ বাঢ়নী পানীৰ প্ৰবল সোঁতত মথাউৰীটো ছিগিলে অঞ্চলটো ৩০ খনতকৈও অধিক গাঁও জলমগ্ন হোৱাৰ লগতে বিছিন্ন হোৱাতো নিশ্চিত হৈ পৰিছে।

কৰবী দলে জোনাই
Conclusion:
Last Updated : Jul 8, 2019, 11:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.