জোনাই, 14 ছেপ্তেম্বৰঃ সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ৷ ইতিমধ্যেই এই নৱ গঠিত দলটোৰ সাংগঠনিক কাম-কাজ নিৰীক্ষণৰ বাবে আগতীয়াকৈয়ে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদয় লৈছে আছুৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে ৷ সোমবাৰে জোনাই টাউন ক্লাৱত প্ৰাক্তন উপ-সভাপতিগৰাকীৰ বাবে আয়োজন কৰা হয় এক ৰাজহুৱা বিদায় সভা ৷ এই সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,বড়ো ছাত্ৰ সন্থা,জোনাই প্ৰেছ ক্লাৱ,গৰিয়া মৰিয়া পৰিষদ আদি কেইবাটাও সংগঠনৰ নেতৃবৃন্দৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷
আনহাতে, সাংবাদিকৰে হোৱা মত বিনিময়ত চিত্তৰঞ্জন বসুমতাৰীয়ে কয় সুদীৰ্ঘ 22 বছৰ সদৌ অসম ছাত্ৰ সন্থাৰে জড়িত হৈ থাকি ধেমাজিবাসী ৰাইজৰ বাবে মাত মাতি আহিছো আৰু অনাগত দিনতো মাত মাতি যাম ৷ আছুৰ পৰা আনুষ্ঠানিক অব্যাহতি গ্ৰহণ কৰিলেও ভৱিষ্যতলৈয়ো এই সংগ্ৰাম অব্যাহত ৰাখিম ৷