ধেমাজী, 13 ছেপ্তেম্বৰঃ বৃহৎ নদীবান্ধ, গৰাখহনীয়া, বান সমস্যাৰ বিৰুদ্ধে তথা কা আন্দোলনৰ এগৰাকী বলিষ্ঠ যোদ্ধা সদৌ অসম ছাত্র সন্থাৰ অন্যতম উপসভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে আছুৰ সন্মানীয় উপসভাপতি পদৰ পৰা পদত্যাগ কৰিলে । আছু, যুৱছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হ'বলগা নতুন ৰাজনৈতিক দলটোৰ হৈ নিৰ্বাচন খেলাৰ বাবেই মন মেলিছে আছুৰ উপসভাপতি গৰাকীয়ে ।
আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হ'ব লগা নতুন দলৰ ধেমাজি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে চিত্তৰঞ্জন বসুমতাৰীৰ । শনিবাৰে ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ বেদীত অন্তিমবাৰৰ বাবে সংগঠনৰ হৈ বন্তি প্ৰজ্বলন কৰি সংগঠনৰ মজিয়াৰ পৰা বিদায় লয় বসুমতাৰীয়ে ৷
সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত চিত্ৰৰঞ্জন বসুমতাৰীৰ আছে এক দীঘলীয় ইতিহাস ৷ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা জিলা সমিতিলৈ প্ৰতিনিধিত্ব কৰি ২০০৫ বৰ্ষত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সম্পাদক আৰু ২০০৮ ত সভাপতিৰ পদ অলংকৃত কৰিছিল বসুমতাৰীয়ে । কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ পৰা সদৌ অসম ছাত্র সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক আৰু পৰবৰ্তী সময়ত উপসভাপতি দায়িত্ব লাভ কৰে চিত্তৰঞ্জন বসুমতাৰীয়ে ।
সুদীৰ্ঘ 22 বছৰ ছাত্ৰ সংগঠনোৰ মজিয়াত থাকি বলিষ্ঠ কন্ঠৰে মাতমাতি যোৱা বসুমতাৰীয়ে অনাগত দিনটো জাতিৰ হকে মাত মাতি যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷ বৰ্তমানলৈকে কোনো ৰাজনৈতিক দলত যোগদানৰ সিদ্ধান্ত লোৱা নাই যদিও আগন্তুক দিনত ৰাইজৰ হৈ কাম কৰি যাব বুলি মত প্ৰকাশ কৰে বসুমতাৰীয়ে ৷