ETV Bharat / state

ভোট জলকীয়াই কন্দুৱাইছে ধেমাজিৰ খেতিয়কক - 3 ৰ পৰা 6 বিঘা মাটিত এই খেতি কৰি আহিছে ৷

বজাৰৰ অভাৱত খেতি পথাৰতে নষ্ট হৈছে হাজাৰ হাজাৰ টকাৰ ভোট জলকীয়া ৷ একমাত্ৰ উপাৰ্জন হিচাপে জলকীয়া খেতিৰে স্বাৱলম্বীতাৰ বাট মোকলাই অহা খেতিয়ক সকলৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ চৰকাৰৰ পৰা সহায় বিচাৰিছে পৰিয়াল সমূহে ৷

Chilli farmers in demaji
ভোট জলকীয়া কন্দুৱাইছে ধেমাজিৰ খেতিয়কক
author img

By

Published : May 6, 2020, 11:29 AM IST

ধেমাজি, 6 মে' : কৰ'ণা ভাইৰাছৰ বাবে বিধস্ত হৈছে দেশৰ অৰ্থনীতি ৷ লক্ ডাউনৰ সময়ত দেশৰ অৰ্থনীতি টনকিয়াল কৰা গ্ৰামাঞ্চলৰ কৃষক সকল বৰ্তমান সৰ্বস্বান্ত হৈ পৰিছে ৷ উপযুক্ত বজাৰ তথা যাতায়তৰ অভাৱত খেতি পথাৰতে নষ্ট হৈছে কৃষকৰ উৎপাদিত শাক-পাচলি ৷

ধেমাজি জিলাৰ পিছপৰা অঞ্চল চিৰিপানি গৰৈমাৰী গাঁৱৰ কৃষক সকলে বিগত দুবছৰ ধৰি ভোট জলকীয়া খেতিৰ জৰিয়তে স্বাৱলম্বীতাৰ বাট মুকলি কৰি আহিছে ৷ অঞ্চলটোৰ উদ্যমী খেতিয়ক পূৰ্ণ গগৈ ,ৰঞ্জিত কটকী , নৰেন কলিতা , জান্তিমনি কলিতা , বাবুল গগৈ , তিলো গগৈ , ইন্দুৰানী গগৈ আদিকে ধৰি বহু কেইটা পৰিয়ালে জীৱিকাৰ একমাত্ৰ সম্বল হিচাপে বাছি লৈছিল ভোট জলকীয়াৰ খেতি ৷ কিন্তু লক্ ডাউনৰ বাবে বজাৰৰ অভাৱত জলকীয়া বিক্ৰী কৰিব নোৱাৰি খেতি পথাৰতে নষ্ট হৈছে তেওঁলোকৰ উৎপাদিত জলকীয়া ৷

ভোট জলকীয়া কন্দুৱাইছে ধেমাজিৰ খেতিয়কক

তেওঁলোকে জানিবলৈ দিয়া অনুসৰি, বিগত দুবছৰৰ পৰা তেওঁলোকে প্ৰায় 3 ৰ পৰা 6 বিঘা মাটিত এই খেতি কৰি আহিছে ৷ আন কোনো উপাৰ্জনৰ পথ নথকা পৰিয়াল কেইটাই একমাত্ৰ এই খেতিৰ জৰিয়তে পৰিয়াল পোহপাল দি আহিছিল ৷ তেওঁলোকে উৎপাদন কৰা ভোট জলকীয়া সমূহ ধেমাজি, চিলাপথাৰ তথা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লিকাবালী অঞ্চলৰ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰিছিল ৷

কিন্তু বৰ্তমান লক্ ডাউনৰ বাবে বন্ধ হৈ পৰিছে সকলো ধৰণৰ বজাৰ ৷ যাৰবাবে বিক্ৰীৰ অভাৱত পথাৰতে পচিবলৈ ধৰিছে ভোট জলকীয়াসমূহ ৷ আনকি পোকৰ উপদ্ৰৱতো নষ্ট হৈছে বিঘাই বিঘাই জলকীয়া । যাৰ ফলত হাজাৰ হাজাৰ টকা লোকচান হৈছে একোটা পৰিয়ালৰ ৷

লগতে পঢ়ক : শ্বহীদ চিআৰপিএফ জোৱানৰ ৰাইফল লৈ উধাও সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.