জোনাই ১৪ জুলাইঃ পবা বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা দি উপযুক্ত সংৰক্ষণৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সমৰ্থন জনাই অসমৰ গৌৰৱ পবা বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভয়াৰণ্য(Wild Life Century) হিচাপে সংৰক্ষণ কৰা হ'ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
ইয়াৰ উপৰিও মঙলবাৰে জোনাইৰ বান,গৰাখহনীয়া আৰু বান শিবিৰ পৰিস্থিতি বুজ ল'বলৈ অহা মুখ্যমন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ আগত পবা বৰ্ষাৰণ্যৰ জীৱ কূলৰ প্ৰতি নামি অহা ভাবুকিক লৈয়ো উদ্বিগ্নতা প্ৰকাশ কৰে। মঙলবাৰে জোনাই মহকুমাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুজ লয় বান পৰিস্থিতিৰ। জোনাইত দুপৰীয়া উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে জোনাই চৰকাৰী সাহায্য শিবিৰ পৰিদৰ্শন কৰি তাত আশ্ৰয় গ্ৰহণ কৰা ৪০৫ জন বানাক্ৰান্তৰ সমস্যাৰ বুজ লয়।
ইয়াৰ পাছতে লালী-চিয়াং নদীৰ ধ্বংস লীলা,চিমেন,চিলে,ডেপী,দিখাৰী আৰু জোনাই নদীৰ প্ৰলয়ংকাৰী বানত জোনাই ৰাজহ চক্ৰৰ বাহিৰ জোনাই,চিলে, লাইমেকুৰী,চমকং,লোহিজান,গালী চিকাৰী,ৰামধন আৰু মিছামৰা গাঁও পঞ্চায়ত সম্পূৰ্ণ ৰূপে চিয়াং নদীৰ বানে মহা প্ৰলয় সৃষ্টি হোৱা অঞ্চল সমূহৰ বুজ লয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অকলেণ্ড নামৰ স্থানত থিয় হৈ বান পৰিস্থিতি পৰিদৰ্শন কৰে আৰু সেই স্থানৰ দক্ষিণ অংশত থকা বেৰা চাপৰি অঞ্চলৰ প্ৰায় ১০ খনৰো অধিক গাঁৱলৈ সম্পূৰ্ণ ৰূপে যোগাযোগ ব্যবস্থা বিচ্ছিন্ন হৈছে। এছ ডি আৰ এফৰ বাহিনীও যাব নোৱাৰা অৱস্থাৰ কাৰণে মুখ্য মন্ত্ৰীয়ে আধাবাটৰ পৰা ঘূৰি আহি জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত জিলাখনৰ সকলো শীৰ্ষ বিষয়াৰ লগত এক আলোচনাত মিলিত হয় ৷ বানত ক্ষতি হোৱা জোনাই অঞ্চলৰ ঐৰাম ঘাটৰ পৰা চিয়াং নদীৰ পাৰত মথাউৰি নিৰ্মাণ কৰিব বুলি জনোৱাৰ লগতে বানাক্ৰান্ত ৰাইজক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ধেমাজি জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।বিহপুৰীয়া,মাজুলী,নাওবৈচা,লখিমপুৰ,ঢকুৱাখনা,ধেমাজি আৰু জোনাই সমষ্টি সমূহত বানপানী গৰাখহনীয়া সমস্যাৰ সমাধানৰ সন্দৰ্ভত বিভাগৰ বিষয়া কৰ্মচাৰী সকলক নিৰ্দেশ দিয়াৰ লগতে বানত য'ত মথাউৰি চিঙিছে আৰু গৰাখহনীয়া হৈছে স্থানীয় ৰাইজৰ সহযোগত মেৰামতি কৰিবলৈও নিৰ্দেশ দিয়ে ৷
উল্লেখযোগ্য যে ,জোনাই মহকুমাত ২০০ খনৰো অধিক গাঁও, ১০৭৯৩৫ হেজাৰ লোকৰ শ শ হেক্টৰ কৃষি ভূমি শ শ পশুধন প্ৰলয়ংকাৰী বানৰ কৱলত। ২০০০ চনত চীনৰ পৰা অহা বানে সৃষ্টি কৰা প্ৰলংকাৰী বানৰ তুলনাত এই বাৰৰ বানে আৰু অধিক ভয়াৱহতাই দুৰ্যোগৰ সৃষ্টি কৰিলে। চিয়াং নদীৰ প্ৰৱল সোঁত আৰু দৌৰ কাৰণে SDRF ৰ বাহিনীয়ে বেৰা চাপৰি অঞ্চলৰ ১০ খনৰো অধিক গাঁৱত উদ্ধাৰ অভিযান চলাব পৰা নাই। চিয়াং নদীৰ বানে যি বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে সেয়া বৰ্ণনাহীন ৷
এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী, জোনাইৰ বিধায়ক ভূৱন পেগু, ধেমাজিৰ বিধায়ক ৰনোজ পেগু, ধেমাজি জিলাৰ উপায়ুক্ত নাৰসিংহ পাৱাৰ, বিহপুৰীয়া বিধায়ক দেবানন্দ হাজৰিকা, লক্ষীমপুৰৰ বিধায়ক উৎপল দত্ত, ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী, অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাধিপতি পাৰ্থপ্ৰতীম বৈৰাগী, ৰাজহ চক্ৰ বিষয়া , সোনবৰ চুতীয়া, মহকুমা ন্যায়িক দণ্ডাধীশ গায়ত্ৰী পাতিৰ, জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলে, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগু, জোনাই মহকুমা কাৰ্যবাহী দণ্ডাধীশ প্ৰীতম কুমাৰ দাস, জোনাই ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নেকিব চৈয়দ বৰুৱা, লগতে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰী উপস্থিত থাকে৷
লগতে পঢ়কঃশৰৎ চন্দ্ৰ চহৰীয়াৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দাবী দৰং জিলা দণ্ডাধীশৰ