ধেমাজি, ২০ জানুৱাৰীঃ ধেমাজিত সোমবাৰে ধেমাজি বোমা বিস্ফোৰণৰ ভুক্তভোগী ১৩ টা পৰিয়াললৈ ২ লাখ টকাকৈ চেক বিতৰণ কৰে ৷ Awareness Programme on Assam Victim Compensation Scheme 2012 অধীনত বিতৰণ কৰা হয় চেকসমূহ ৷ সেই উদ্দেশ্য সোমবাৰে ধেমাজি জিলা আৰু সত্ৰ ন্যায়ধীশৰ কাৰ্যালয়ৰ চৌহদত আয়োজিত হয় গাম্ভীৰ্যপূৰ্ণ সভা ৷ সভাতেই 2004 চনত ১৫ আগষ্টত দেশৰ ৫৮ তম স্বাধীনতা দিৱসত ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণ নিহত হোৱা তিনিগৰাকী মহিলাসহ দহটি শিশুৰ পৰিয়াললৈ তথা আহতলৈ আগবঢ়োৱা হয় এই চেকসমূহ ৷
ইতিমধ্যে ২০১৯ বৰ্ষৰ 4 জুলাইত ধেমাজি জিলা সত্ৰ ন্যায়ধীশ আদালতে ঘটনাত জড়িত ১৫ জনৰ ভিতৰত ৬ জনক দোষী সাব্যস্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷
বোমা বিস্ফোৰণত নিহত সকল আছিল দিলেশ পাদুন, অৰূণা শইকীয়া, নমিতা গগৈ, চিত্ৰাৱলী দলে, প্ৰদীপ্ত গগৈ, মানসী গগৈ, বিজিত সোণোৱাল, সিদ্ধাৰ্থ টাইড, গিৰিণ শইকীয়া, মনজিত গগৈ, ধনদা গগৈ আৰু ৰূপা শইকীয়া ৷
আৰু পঢ়কঃ নিৰ্ভয়া ধৰ্ষণ কাণ্ডঃ দোষী পৱন কুমাৰ গুপ্তাৰ আৱেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ