ETV Bharat / state

দুদিনীয়া ভ্ৰমণসূচীৰে ধেমাজিত উপস্থিত কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিং

author img

By

Published : Jun 14, 2022, 10:55 PM IST

দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ধেমাজিত উপস্থিত হয় ভাৰত চৰকাৰৰ শক্তিমন্ত্ৰী ৰাজকুমাৰ সিং (Central power minister in Dhemaji) ৷ সমগ্ৰ কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে ধেমাজিৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে ৷

Central power minister in Dhemaji
দুদিনীয়া ভ্ৰমণসূচীৰে ধেমাজিত উপস্থিত ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰী ৰাজকুমাৰ সিং

ধেমাজি, 14 জুন : সোমবাৰে বিয়লি ভাগত দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ধেমাজিত উপস্থিত হয় কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিং (Central power minister in Dhemaji) ৷ তাৰ পাচত মন্ত্ৰীগৰাকীয়ে গেৰুকামুখস্থিত 2000 মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (Lower Subansiri Hydroelectric Power Project) থলীত উপস্থিত হয় আৰু বুজ লয় বান্ধটোৰ সামগ্ৰিক পৰিস্থিতি ৷

ইয়াৰ পিছতে আজি অৰ্থাৎ মঙলবাৰে ধেমাজিত বিজেপি চৰকাৰৰ আঠ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে জিলা প্ৰশাসন আৰু জিলা বিজেপিৰ দ্বাৰা আয়োজিত কেইবাখনো সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰাজকুমাৰ সিঙে ৷ লগতে চৰকাৰৰ কেইবাখনো আঁচনি বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা, পি এম কিষাণ, জল-জীৱন আঁচনি, সৌভাগ্য আঁচনি, প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনি আদিৰ হিতাধিকাৰীৰ সৈতে মতবিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

Central power minister in Dhemaji
শক্তিমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

মত বিনিময় অনুষ্ঠানৰ পিছতেই ধেমাজি নগৰৰ নলনিপাম পৰা ধেমাজি কাছাৰী ময়দানলৈ চাইকেলে ৰেলী কৰি এখন হিতাধিকাৰীৰ সন্মিলনত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰাজকুমাৰ সিঙে ৷ তাৰ পাচত দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী সম্পৰ্কত ধেমাজি জিলা বিজেপি কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

এই সমগ্ৰ কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে ধেমাজিৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে ৷

লগতে পঢ়ক : Forest Bandit Surrendered: বাল্মিকী হোৱাৰ প্ৰতিশ্ৰুতি চাৰি বনদস্যুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.