জোনাই, 15 অক্টোবৰ : অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭৩ সংখ্যক আৰ্বিভাৱ তিথি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আজি অৰ্থাৎ শুকুৰবাৰে জোনাইৰ সাৰ্বজনীন নামঘৰতো এদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী ৷ নামঘৰ পৰিচালনা সমিতি, আইমাতৃ, ভকত বৈষ্ণৱৰ লগতে সমূহ জোনাইবাসীৰ ৰাইজৰ সহযোগত জোনাইৰ কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত অতি উলহ-মালহেৰে উদযাপন কৰা হয় শংকৰ উৎসৱ ৷
পুৱাৰে পৰা হৰি নামৰ অমিয়া সুৰৰ লগতে ঘোষা, কীৰ্তন পাঠ তথা খোল, নাগাৰা, ডবা, শংখ আদিৰ ধ্বনিৰে মুখৰিত হ’ল জোনাইৰ কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ ৷ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত পুৱা ৭.০০ বজাত পুৱাৰ প্ৰসংগ কৰাৰ পাচতে পৰিচালনা সমিতিৰ উপদেষ্টা নবীন গগৈয়ে ধৰ্মধ্বজা উত্তোলন কৰে ৷ তাৰ পাচতে জ্যেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তি স্বৰ্গীয় বুদ্ধেশ্বৰ খনিকৰৰ আত্মাৰ সদগতিৰ কামনাৰ্থে এক মৌন প্ৰাৰ্থনাও কৰা হয় ৷
লগতে পঢ়ক : উলহ-মালহেৰে উদযাপিত হ'ল গুৰুজনাৰ ৫৭৩ সংখ্যক জন্মোৎসৱ
তাৰ পাচত পুৱা প্ৰায় ৯ বজাত নামঘৰ চৌহদত ভাগৱত ভ্ৰমণ কৰোৱা হয় ৷ গুৰুজনাৰ এই জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকে জোনাইৰ কেন্দ্ৰীয় সাৰ্বজনীন নাম ঘৰৰ পৰিচালনা সমিতিৰ লগত জোনাইবাসী ৰাইজ ৷
লগতে পঢ়ক : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক জন্ম জয়ন্তী