ধুবুৰী,4 জুন: অসম তথা পশ্চিম বংগৰ বিভিন্ন উন্মুক্ত সীমান্তৰে দীৰ্ঘ দিনৰে পৰা চলি আহিছে অবৈধ গৰুৰ চোৰাং কাৰবাৰ ৷ উন্মুক্ত নদী আৰু স্থল সীমান্তৰে প্ৰতি দিনে নিশা জাক জাক চোৰাং গৰু বাংলাদেশলৈ চালান হৈ আহিছে। পশুধনৰ এনে চোৰাং কাৰবাৰ ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়া ভাৱে ধুবুৰীৰ ভাৰত বাংলা সীমান্তত স্মাৰ্ট ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছে। কিন্তু সীমান্তৰ তেনে স্মাৰ্ট ফেন্সিঙৰ ব্যৱস্থাপনাক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই গৰুৰ চোৰাং বেপাৰী সকলে নিত্য নতুন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখিছে বাংলাদেশলৈ গৰুৰ চোৰাং চালান।
এবছৰ পূৰ্বে ধুবুৰীৰ গোলকগঞ্জৰ ৰণপাগলী অঞ্চলেৰে কল গছৰ ভূৰৰ সৈতে গৰু বান্ধি বাংলাদেশলৈ গৰুৰ চোৰাং চালান দিয়াৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছতেই পুনৰ অনুৰূপ এটা ভাইৰেল ভিডিঅ'ই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই দৃশ্য অসমৰ নে পশ্চিম বংগ সীমান্তৰ সেই বিষয়ে এতিয়ালৈ নিশ্চিত তথ্য লাভ কৰা হোৱা নাই যদিও এই অমানৱীয় দৃশ্য ভাৰত বাংলা সীমান্তৰ হোৱাটো নিশ্চিত ৷ সীমান্ত সুৰক্ষা বাহিনীয়ে এই চোৰাং গৰুসমূহ উদ্ধাৰ কৰাৰ পিছতহে পোহৰলৈ আহে গৰুৰ চোৰাং বেপাৰৰ ভয়াৱহ ছবি ৷
আনহাতে ইপিনে সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ উপৰিও চেকেণ্ড লাইন ডিফেন্সকে ধৰি তিনি খলপীয়া নিৰাপত্তা ব্যৱস্থা থকা সত্বেও আজিলৈকে এই চোৰাং কাৰবাৰ বন্ধ কৰিব নোৱাৰা ঘটনাই সম্প্ৰতি সচেতন মহলৰ মাজত সমালোচনাৰ সৃষ্টি হৈছে ৷ আনকি গৰুৰ চোৰাং কাৰবাৰৰ লগতে মাৰাত্মক ড্ৰাগছ আৰু উগ্ৰপন্থীৰ দ্বাৰা অস্ত্ৰ শস্ত্ৰ সৰবৰাহ হ'ব পাৰে বুলিও সন্দেহ কৰাৰ বিপৰীতে দেশৰ প্ৰতিও এক চৰম ভাবুকি অহা বুলি আশংকা ব্যক্ত কৰিছে সচেতন ৰাইজে ৷
আনহাতে বাংলাদেশলৈ গৰু ৰপ্তানী কৰাটো লাভদায়ক হ'লে এয়া বৈধভাৱে ৰপ্তানী কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে। কাৰণ এই চোৰাং কাৰবাৰৰ ফলত কেৱল বাংলাদেশে লাভবান হোৱাৰ বিপৰীতে ভাৰতে লোকচানৰ সন্মুখীন হৈছে। যদিও এয়া সম্পূৰ্ণ বৈধভাৱে ৰপ্তানী কৰা হ'লে ভাৰত চৰকাৰে বহু টকাৰ বিদেশী বিনিয়োগ লাভ কৰাটো নিশ্চিত বুলি উল্লেখ কৰে ৰাইজে ৷