ETV Bharat / state

CAB ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ দাবানল অব্যাহত - CPM CAB protest

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত তোলাপাৰ সমগ্ৰ ৰাজ্য ৷ গোৰেশ্বৰ, খুমটাই, হোজাই, ধেমাজি আৰু মৰাণত আকাশ-বতাহ কঁপিল প্ৰতিবাদত ৷

CAB protest continuing all over assam
CAB ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ দাবানল অব্যাহত
author img

By

Published : Dec 8, 2019, 2:59 AM IST

নিউজ ডেস্ক, 7 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে উঠিছে প্ৰতিবাদৰ জোৱাৰ ৷ অসমীয়া জাতিধ্বংসী এই বিধেয়কৰ বিৰুদ্ধে এতিয়া তোলাপাৰ সমগ্ৰ ৰাজ্য ৷ অসমৰ জনগণে এই বিধেয়ক কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ সৰ্বত্ৰে ৷ শণিবাৰে সন্ধিয়া গোৰেশ্বৰৰ নাওকাটা চাৰিআলিত পূৱ দেফেলি আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ এই প্ৰতিবাদত অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায় তথা সৰ্বানন্দ সোণোৱাল হায় হায় শ্ল’গানেৰে নাওকটা চাৰিআলিৰ সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে ৰাইজৰ স্বতঃস্ফুৰ্ত সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত চলি থাকিব ৷

CAB ৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিল গোৰেশ্বৰ

আনহাতে খুমটাইত পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হাজাৰ হাজাৰ ছাত্ৰ সন্থা কৰ্মী আৰু স্থানীয় ৰাইজে একত্ৰিত হৈ জোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক কোনোপধ্যেই মানি নলয় বুলি উল্লেখ কৰে প্ৰতিবাদকৰীসকলে ৷

CAB ৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিল খুমটাই

ইফালে আৰক্ষীৰ বাধাকো নেওচি হোজাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছয়টাকৈ দল-সংগঠনে ৷ কৃষক মুক্তি, চিপিআই, চিপিএম, আমছুকে ধৰি হোজাইৰ মোৰাঝাৰ অঞ্চলৰ বৃহৎ সংখ্যক ৰাইজে হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে কঁপাই তোলে আকাশ-বতাহ ৷

CAB ৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিল হোজাই

ইয়াৰোপৰি প্ৰচণ্ড শীতকো নেওচি ধেমাজিত নিশা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ ৷ ধেমাজিৰ মাচখোৱাত পশ্চিম ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উলিওৱা জোৰ সমদলত অংশগ্ৰহণ কৰে সহস্ৰাধিক ৰাইজে ৷

CAB ৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিল ধেমাজি

আনহাতে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ নগৰতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক বিশাল জোৰ সমদল বাহিৰ কৰা হয় ৷ সমদলৰ পূৰ্বে মৰাণৰ গড়কাপ্তানি পৰিদৰ্শন ভৱনত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত মৰাণ মহকুমা সাংবাদিক মঞ্চৰ প্ৰধান সম্পাদক যদুনাথ পুৰী, চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া, সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দেৱজিত গগৈ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেবেন উৰাং আদিয়ে কেবৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰে ৷ উল্লেখ্য হাজাৰৰোধিক প্ৰতিবাদী জনতাই প্ৰতিবাদ কৰাৰ সময়ছোৱাত মৰাণ নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসূহ সম্পূৰ্ণৰূপে বন্ধ ৰখা পৰিলক্ষিত হয় ৷

CAB ৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিল মৰাণ

আৰু পঢ়কঃ "আকৌ শৰাইঘাটলৈ" যাব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজ

Intro:গোৰেশ্বৰৰ নাওকটাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাৱিত কাৰ্য্যসূচী।Body:তামুলপুৰ।
৭ ডিচেম্বৰ।
আজি সন্ধিয়া গোৰেশ্বৰৰ নাওকটা চাৰিয়ালি চকত পূৱ দেফেলি আঞ্চলিক ছাত্র সন্থা আৰু অসম জাতীয় তা বাদি যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬বাতিলৰ দাৱিত এক ধৰ্ণা কাৰ্য্যসূচী ৰুপায়ন কৰে।ধৰ্ণা কাৰ্য্যসূচী ত প্ৰতিবাদ কাৰি সকলে অসম চৰকাৰ হায় হায়,কেন্দ্ৰীয় চৰকাৰ হায় হায়,সৰ্বানন্দ সোণোৱাল হায় হায় শ্লোগানেৰে নাওকটা চক উত্তাল কৰি তোলে।ধৰ্ণা কাৰ্য্যসূচী ত প্ৰতিবাদী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও মানি নল ও বুলি কয়।আজিৰ এই কাৰ্য্যসূচী ত নাওকটাৰ ৰাইজে স্বতফুৰ্ত ভাবে সহযোগ কৰে আৰু ভৱিষ্যতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত সহযোগ কৰি যাম বুলি কয়।লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰে।

তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা
ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.