ETV Bharat / state

'কা'ৰ বিৰোধিতাৰে উত্তাল ধেমাজি ! - CAA PROTEST_dhemaji_sadia

ধেমাজি সদৰ আঞ্চলিক ছাত্ৰ সন্থাই কা বিৰোধিতা কৰি বাইক ৰেলীৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ কাকপথাৰতো জাতিধ্বংসী এই আইনৰ বিৰোধিতাত সাব্যস্ত হয় অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৷

CAA PROTEST_dhemaji
কা বিৰোধীতাত উত্তাল ধেমাজি!
author img

By

Published : Mar 4, 2020, 8:45 PM IST

ধেমাজি, শদিয়া 4মাৰ্চ : বুধবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত উত্তাল হৈ পৰে ধেমাজি জিলা ৷ ধেমাজি সদৰ আঞ্চলিক ছাত্ৰ সন্থাই বাইক ৰেলীৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ 'কা আমি নামানো, জাতিধ্বংসী আইন বাতিল কৰিব লাগিব' আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে আছুৱে ধেমাজি নগৰৰ মাজেৰে ভৰালীচুক, নলনিপাম, ভেহপৰা হৈ মৰিধললৈকে ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

কা বিৰোধিতাত উত্তাল ধেমাজি!

ইফালে, নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কাকপথাৰত সাব্যস্ত কৰা হয় তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৷ কা বিৰোধী সংগ্ৰামী মঞ্চ, কাকপথাৰ সমন্নয়ৰক্ষী সমিতিৰ উদ্যোগত সাব্যস্ত হয় এই কাৰ্যসূচী ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অঞ্চলটোৰ শতাধিক ৰাইজে ৷ অতি শীঘ্ৰে 'কা' বাতিল কৰাৰ উপৰিও 'কা'ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে জনমত গঢ়ি তুলি কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে নেতাজনক বিনা চৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে কাকপথাৰ ৷

অখিল গগৈৰ মুক্তিৰ দাবী কাকপথাৰত

আনহাতে, ২১ মাৰ্চত কাকপথাৰত অখিল গগৈৰ মুক্তিৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বৃহৎ গণ সমাবেশ অনুষ্ঠিত কৰাৰ হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে দল-সংগঠনৰ নেতৃবৃন্দই ৷ এই বিশাল সমাবেশত বিশিষ্ট সাংবাদিক অজিত ভূঞা, অধিবক্তা অৰূপ বৰবৰা, আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য, অভিনেতা ৰবি শৰ্মা, কণ্ঠশিল্পী ৰাজীৱ শদিয়া, বিপিন চাউদাঙকে ধৰি বহু বক্তা, শিল্পী, সাহিত্যিক-বুদ্ধিজীৱিয়ে অংশগ্ৰহণ কৰিব ৷

অধিক খবৰৰ বাবে:দৰঙৰ পিপৰা দোকানত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.