ETV Bharat / state

Dimou River in Silapathar:স্বাধীনতাৰ ৭৫ বছৰৰ পিচতো নিৰ্মাণ নহ’ল দলং

দেশৰ স্বাধীনতা লাভৰ ৭৫ বছৰৰ পিচতো চিলাপথাৰ ডিমৌ নদীত নিৰ্মাণ নহ’ল দলং । এখন দলঙৰ বাবে হাহাকাৰ নৈপৰীয়া ৰাইজৰ ৷

author img

By

Published : Jul 5, 2023, 8:58 PM IST

bridge on the Dimou River
ডিমৌ নদীত নিৰ্মাণ নহ’ল দলং
ডিমৌ নদীত নিৰ্মাণ নহ’ল দলং

জোনাই, 5 জুলাই : ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পিচতো এখন দলঙৰ বাবে হাহাকাৰ কৰি জীৱন কটাইছে ৰাজ্যৰ এঠাইৰ নৈ পৰীয়া ৰাইজে ৷ আমি কৈছোঁ ধেমাজি জিলাৰ চিলাপথাৰৰ কথা ৷ কাৰণ চিলাপথাৰ ডিমৌ নদীত আজি পৰ্যন্ত নিৰ্মাণ নহ’ল এখন দলং। এইখন চিলাপথাৰ চিলাসূঁতিৰ মাজেৰে বৈ অহা ডিমৌ নদী আৰ্চি মাজৰবাৰী অংশ । এয়া ডিমৌ নদীত এক নৈমিত্তিক দৃশ্য, মৰণক শৰণ দি কান্ধত এখন চাইকেল লৈ বিপদসংকুলভাৱে ডিমৌ নদী পাৰ কৰিছে দিন হাজিৰা কৰা লোকে ৷

একঁকাল পানীত যাৱতীয় সামগ্ৰী লৈ অহা যোৱা কৰিছে গঞাই । দুয়োপাৰে আছে চিলাসূঁতি, কৰৈবাৰী, শিৱনগৰ, আৰ্চিমাজৰবাৰী, দক্ষিণ শিৱনগৰ, কমলপুৰ, বান্দৰ গাঁও, কুলিবজাৰ, বমজে, মহাৰাণী, আৰ্চিলাচন, কদমতলা আদি কুৰিখন গাঁও । এই পথেৰে নিতৌ অহা যোৱা কৰে চিমেনমূখ পঞ্চায়তৰো বহু ৰাইজে ।

বছৰৰ পিচত বছৰ বিপদসংকুল যাতায়ত অব্যাহত ৰাখিছে কুৰিখন গাঁৱৰ ৰাইজে । নৈ খনৰে নিতৌ পাৰ হয় বিভিন্ন বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীৰ লগতে অসংখ্য ৰাইজ । পাহাৰত হোৱা এজাক বৰষুণতে ফেনে ফুটুকাৰে উফন্দি উঠে নৈখন । ভয়ংকৰ ৰূপ লোৱা নদীখনেৰে বন্ধ হৈ পৰে অহা-যোৱা । উপায়বিহীন ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথেৰে ৩৫-৩০ কিলোমিটাৰ নিলগৰ ডিমৌ হৈ চিলাসূঁতিত উপস্থিত হ’ব লগা হয় । ফলত অযথা বহন কৰিবলগা হয় ধন আৰু সময়ৰ ।

নৈখনৰ আৰ্চি মাজৰবাৰী-কৰৈবাৰী অংশত দলং নিৰ্মাণৰ বাবে বিভিন্ন সময়ত ৰাইজে বিধায়ক-সাংসদক খাটনি ধৰি আহিছে যদিও আজিলৈকে ই সম্ভৱ হৈ নুঠিল । নিৰ্বাচনত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিচতো কথা নাৰাখে বিধায়ক-সাংসদে । আজি পৰ্যন্ত দলং নিৰ্মাণৰ ব্যৱস্থা কৰা দেখা নগ’ল । ৰাইজৰ অনুনয় বিনয়ক সম্পূৰ্ণৰূপে উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ জনতাই ।

লগতে পঢ়ক : Bridge constructed by Locals: ৰজালৈ বাট নাচাই প্ৰজাই গাঁঠিৰ ধনেৰেই কৰিলে দলং নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.