ETV Bharat / state

Planting of Boro paddy:ধেমাজিত আধুনিক প্ৰযুক্তিৰে বৰো ধানৰ কঠিয়া ৰোপণ

author img

By

Published : Mar 8, 2023, 12:17 PM IST

ধেমাজিৰ মাছখোৱাত কৃষক ৰাইজক বৰো ধানৰ কঠিয়া ৰোপণত সহায় হোৱাকৈ জিলা কৃষি কাৰ্যালয়ে প্ৰদৰ্শন কৰে আধুনিক কৃষিযন্ত্ৰ । মাছখোৱা ব্লকৰ আত্মাৰ উদ্যোগত বৰো ধানৰ (Bina Dhan 11) খেতি ৰোপণৰ এই আধুনিক কৃষি যন্ত্রটো প্ৰদৰ্শন কৰা হয় ।

Boro paddy transplanting demonstration in Maskhowa
কঠিয়া ৰোপণত সহায়ক আধুনিক কৃষিযন্ত্ৰ প্ৰদৰ্শন

ধেমাজি ,৮ মাৰ্চ: লাহে লাহে নষ্টালজিয়া হোৱাৰ দিশে বাৰিষাৰ পথাৰত ৰোৱণীয়ে ন-ভূঁই ৰোৱা কৰ্মফেৰা ৷ কাৰণ ৰোৱণীৰ অভাৱ পূৰণ কৰিব এটা আধুনিক যন্ত্ৰই ৷ এই যন্ত্ৰৰ সহায়ত কৃষকে আনায়াসে কম সময় আৰু কম খৰচত কেৱল তিনিজন মানুহৰ সহায়তে এদিনত ১০ বিঘা পৰ্যন্ত ভুঁই ৰুব পাৰিব (Boro paddy transplanting demonstration in Maskhowa) ৷ ইতিমধ্যে ধেমাজিত এই আধুনিক প্ৰযুক্তিৰে বৰো ধানৰ কঠিয়া ৰোপণ আৰম্ভ কৰা হৈছে ৷ মঙলবাৰে ধেমাজি জিলাৰ মাছখোৱা উন্নয়ন ব্লকৰ কাইটং কৈয়াং চাপৰিত কৃষক ৰাইজক বৰো ধানৰ কঠিয়া ৰোপণত সহায় হোৱাকৈ ধেমাজি জিলা কৃষি কাৰ্যালয়ে এই আধুনিক কৃষিযন্ত্ৰবিধ প্ৰদৰ্শন কৰে ।

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্রকল্প চমুকৈ এপাৰ্টৰ (APART) হিতাধিকাৰী তথা মাছখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাইটং কৈয়াং চাপৰিৰ নিৱাসী ৰূপালী পেগুৰ পথাৰত মাছখোৱা ব্লকৰ (CSS ATMA) আত্মাৰ উদ্যোগত মঙলবাৰে বৰো ধান (Bina Dhan 11) ৰোপণৰ আধুনিক কৃষিযন্ত্রটোৰ সহায়ত শাৰী শাৰীকৈ কঠিয়া ৰোৱা হয় । জিলাখনত থকা কৃষকসকলক কৃষিক্ষেত্ৰত আগবঢ়াই নিবলৈ তথা বিজ্ঞানসন্মত আধুনিক পদ্ধতিৰে সহজভাৱে কেনেদৰে খেতি কৰিব পাৰি সেই সন্দৰ্ভত কৃষক ৰাইজক সজাগ কৰাৰ বাবেই জিলা কৃষি বিভাগে এই যন্ত্রবিধ প্রদর্শনী অনুষ্ঠানৰ আয়োজন কৰে ।

এই যন্ত্ৰৰ সম্পৰ্কত কাৰিকৰী গৱেষক সঞ্জয় কুমাৰ যাদৱে কয় যে অতি কম সময় আৰু কম খৰচত খেতিয়কসকলে এই যন্ত্ৰৰ সহায়ত উপকৃত হ'ব পাৰিব ৷ কাৰণ এদিনত ৪ ঘন্টাত মাত্ৰ তিনিজন মানুহৰ সহায়তে ৮ পৰা ১০ বিঘা পৰ্যন্ত মাটিত কঠিয়া ৰোপণ কৰিব পাৰি ৷ এই কঠিয়া ৰোপণ কৰিবলৈ সাধাৰণতে অতিকমেও ২৫ গৰাকী মানুহৰ প্ৰয়োজন হয় ৷ এতিয়া অনায়াসে এদিনতে বিঘাই বিঘাই কৃষি ভূমিত আধুনিক যন্ত্ৰ প্ৰযুক্তিৰে কঠিয়া ৰোপন কৰি উপকৃত হ'ব পাৰিব বুলি তেওঁ ব্যক্ত কৰে ৷

একেদৰে মাছখোৱা কৃষি উন্নয়ন খণ্ডৰ প্ৰযুক্তিৰ পৰিচালক ডাঃনোমল দেউৰীয়েও এই আধুনিক যন্ত্ৰৰ জৰিয়তে বহু প্ৰগতিশীল কৃষকে ৰোৱণীৰ সমস্যাৰ পৰা সকাহ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ এই কাৰ্যসূচীত জিলা কৃষি কাৰ্যালয়ৰ (আত্মা) ব্লক প্ৰযুক্তি পৰিচালকৰ উপৰি ব্লক কৃষক পৰামৰ্শদাতা সমিতিৰ সভাপতি দেৱ কুমাৰ পায়েং উপস্থিত থাকে ।

লগতে পঢ়ক:New Assamese film based on Sati Sadhani : শীঘ্ৰে সতী সাধনীক লৈ নিৰ্মাণ হ’ব ‘‘বীৰাংগনা সাধনী’’ শীৰ্ষক ছবি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.