ETV Bharat / state

দুবছৰীয়া হ'ল হেঁপাহৰ সেতু বগীবিল - bogibeel bridge

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি মুকলি কৰা বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰৰ বগীবিল দলং দুবছৰীয়া হ'ল ৷ 2018 চনৰ 25 ডিচেম্বৰত মুকলি কৰা দলং খনে শুকুৰবাৰে দুবছৰ অতিক্ৰম কৰিলে ৷ বগীবিল দলংখন মুকলি হোৱাৰে পৰা উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত অভূতপূৰ্ব পৰিৱৰ্তন হ'ল ৷

bogibeel bridge completed 2 years
দুবছৰীয়া হ'ল হেপাঁহৰ সেতু বগীবিল
author img

By

Published : Dec 25, 2020, 12:04 PM IST

ধেমাজি, 25 ডিচেম্বৰ: ব্ৰহ্মপুত্ৰৰ উত্তৰপৰীয়া ৰাইজৰ বাবে 25 ডিচেম্বৰৰ দিনটো অতিকৈ স্মৰণীয় দিন ৷ কিয়নো 2018 চনৰ 25 ডিচেম্বৰতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি মুকলি কৰিছিল বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰৰ ওপৰৰ বগীবিল দলং ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছিল এই দিনটোতে ৷

bogibeel bridge completed 2 years
দুবছৰীয়া হ'ল হেপাঁহৰ সেতু বগীবিল

কেইবা দশক ধৰি ব্ৰহ্মপুত্ৰৰ কাৰং ঘাট আৰু বগীবিল ঘাটৰ সৈতে বিপদসংকুল ফেৰী সেৱা ব্যৱস্থাৰ অৱসান ঘটাই ২০১৮ চনৰ ২৫ ডিচেম্বৰত মুকলি কৰা হৈছিল বহু প্ৰত্যাশিত দলঙখন ৷ যাৰ বাবে উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত যাতায়ত, স্বাস্থ্য, সাংস্কৃতিক, ব্যৱসায় আৰু শিক্ষাৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন হ'ল ৷ বিশেষকৈ বগীবিল সেঁতু মুকলি হোৱাৰ পাচতে উত্তৰ পাৰৰ ধেমাজি, ঢকুৱাখনা, লখিমপুৰ আৰু অৰুণাচল প্ৰদেশৰ বহু লোক উপকৃত হৈছে ৷

দুবছৰীয়া হ'ল হেপাঁহৰ সেতু বগীবিল

উল্লেখ্য যে, বগীবিল দলং মুকলি কৰাৰ পহিলা বৰ্ষটোত বিভিন্ন দল সংগঠনে স্বচ্ছতাৰ দিশটোৰ ওপৰত চকু দিছিল যদিও বৰ্তমান একাংশ অসচেতন ব্যক্তিৰ বাবে আকৌ লেতেৰা হৈ পৰিছে হেপাঁহৰ দলঙখন ৷ দলঙৰ চুকে কোণে পৰি ৰৈছে পলিথিন, পানী বটলৰ দৰে আৱৰ্জনাবোৰ, যিয়ে ম্লান কৰিছে দলং খনৰ সৌন্দৰ্য ৷

লক্ষনীয়ভাৱে বহু দেশী-বিদেশী পৰ্যটকেও এই দলঙেৰে পাৰ হৈ ক্ষন্তেক জিৰণি লৈ সৌন্দৰ্য উপভোগ কৰি কেমেৰাত বন্দী কৰে ব্ৰহ্মপুত্ৰৰ দৃশ্য ৷ এই ঐতিহাসিক বগীবিল দলংখনৰ সৌন্দৰ্য আৰু স্বচ্ছতাৰ দিশটোৰ প্ৰতি সকলোকে গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনালে ধেমাজিৰ সচেতন নাগৰিক সকলে ৷

লগতে পঢ়ক: বগীবিলত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে অত্যাধুনিক জাহাজ ব্ৰহ্মপুত্ৰৰ মুকুতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.