ধুবুৰী, 30 নৱেম্বৰ : ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত উঠি পৰি লাগিছে ধুবুৰী জিলা বিজেপি ৷ ধুবুৰীত আয়োজন কৰা হৈছে বিজেপিৰ টাউন মণ্ডল সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা ৷ এই সভাত উপস্থিত থকা প্ৰায় শতাধিক লোকে বিজেপিত যোগদান কৰে ৷

দেওবাৰে ধুবুৰী জিলা বিজেপিৰ টাউন মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ ধুবুৰী টাউন মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি ৰেজ্জাক খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালৰ লগতে অসম সংখ্যালঘু ব’ৰ্ডৰ উপ সভাপতি ওমৰ ফাৰুক, বিজেপিৰ জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি মিৰ্জা খান, উপ সভানেত্ৰী মায়াৰাণী সৰকাৰ, সংখ্যালঘু মৰ্চাৰ জিলা প্ৰভাৰী সুশান্ত কৰ আৰু ধুবুৰী সমষ্টি প্ৰভাৰী উত্তম প্ৰসাদকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে । আজিৰ সভাত ধুবুৰী চহৰৰ প্ৰায় শতাধিক লোক আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে ৷

লগতে পঢ়ক:আজিৰে পৰা ৰাস মহোৎসৱ:বাঁহী খোলৰ ধ্বনিৰে মুখৰিত হৈছে চৌপাশ