ETV Bharat / state

Birds Killing in Jonai: জোনাই টালি বিলত বিহ দি নিধন বিভিন্ন পক্ষী - birds killed with pesticides in Jonai

জীৱ শ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কৰ্ম (worst actions of best human beings) । নিৰীহ পক্ষী তথা জীৱক নিৰ্দয়ভাৱে হত্যা । যি ঘটনাক গৰিহণা দিবৰ জোখাৰে ভাষাও কম পৰে । হয়, তেনে এক হৃদয় বিদাৰক ঘটনাই সংঘটিত হৈছে জোনাইত । যাৰ বাবে এতিয়া প্ৰকৃতিপ্ৰেমীসকল ব্যথিত হৈ পৰিছে ।

Jonai
Jonai
author img

By

Published : Nov 29, 2022, 3:49 PM IST

Updated : Nov 29, 2022, 4:22 PM IST

জোনাই, ২৯ নৱেম্বৰ : জীৱ শ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট কৰ্ম (worst actions of best human beings) । নিৰীহ পক্ষী তথা জীৱক নিৰ্দয়ভাৱে হত্যা (Merciless killing of innocent birds in Jonai) । যি ঘটনাক গৰিহণা দিবৰ জোখাৰে ভাষাও কম পৰে । হয়, তেনে এক হৃদয় বিদাৰক ঘটনাই সংঘটিত হৈছে জোনাইত । যাৰ বাবে এতিয়া প্ৰকৃতিপ্ৰেমীসকল ব্যথিত হৈ পৰিছে ।

জোনাই টালি বিলত বিহ দি নিধন বিভিন্ন পক্ষী

লগতে এই পক্ষী তথা জীৱ নিধন কাণ্ড সংঘটিত কৰা দুষ্কৃতিকাৰীক উচিত শাস্তি প্ৰদানৰো দাবী উঠিছে । উল্লেখ্য, জোনাইত কীটনাশক দি হত্যা কৰা হৈছে বিভিন্ন পক্ষী (birds killed with pesticides in Jonai) । উক্ত পক্ষী নিধনকাৰী দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানেৰে প্ৰকৃতিক সুৰক্ষা প্ৰদানৰ দাবী উত্থাপিত হৈছে । বন বিভাগ তথা জোনাই মহকুমা প্ৰশাসনৰ ওচৰত জোনাইৰ প্ৰকৃতিপ্ৰেমী ৰাইজৰ এই দাবী ।

যিসময়ত প্ৰকৃতিক সুৰক্ষাৰ দাবীত বিভিন্ন দল-সংগঠন, প্ৰকৃতিপ্ৰেমী ৰাইজে আন্দোলন, সজাগতা সভা অনুষ্ঠিত কৰি আহিছে, তেনে সময়তে জোনাইত একাংশ দুষ্কৃতিকাৰীয়ে অব্যাহত ৰাখিছে পক্ষী নিধন যজ্ঞ ৷ উল্লেখ্য যে শীতকালৰ আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ আগমন ঘটে ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ (migratory birds arrive in different parts of Assam) ৷

কিন্তু একাংশ দুৰ্বৃত্তই বিভিন্ন উপায়েৰে হত্যা কৰি আহিছে এই নিৰীহ পক্ষীবোৰক । তেনে এক কৰুণ ঘটনা সংঘটিত হৈছে জোনাইৰ টালি বিলত । যিটো দৃশ্য দেখিলেই চকু সেমেকি উঠে । এক কৰুণ দৃশ্য । জোনাই মহকুমাৰ টালি বিল অঞ্চলত কোনো দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰিছে বহু চৰাইৰ লগতে নিগনি ৷ ফলত চিন্তিত হৈ পৰিছে জোনাইৰ প্ৰকৃতিপ্ৰেমী ৰাইজ ৷

জানিব পৰা মতে, জোনাইৰ টালি পাতাং (টালি বিল) অঞ্চলৰ জলাশয়ৰ পাৰত, পথাৰত একাংশ দুষ্কৃতিকাৰীয়ে চৰায়ে খোৱা খাদ্যত কীটনাশক ঔষধ মিহলাই থোৱাত এনে কীটনাশক ঔষধ খাই বিভিন্ন থলুৱা চৰাইৰ লগতে মৃত্যু হৈছে পৰিভ্ৰমী চৰাই পৰ্যন্ত ৷ আনকি এনে কীটনাশক ঔষধ খাই মৃত্যু হৈছে নিগনিৰো ৷ জানিব পৰা মতে, কীটনাশক ঔষধেৰে বধ কৰা চৰাইবোৰ নি ভক্ষণ কৰে দুষ্কৃতিকাৰীয়ে ৷

সেয়ে কীটনাশক দি পক্ষী নিধন কৰা দুষ্কৃতিকাৰীক শীঘ্ৰে আটক কৰি দৃষ্টান্তমূলক শাস্তি বিহি প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰিবলৈ বন বিভাগ তথা জোনাই মহকুমা প্ৰশাসনক দাবী জনাইছে জোনাইৰ প্ৰকৃতিপ্ৰেমী ৰাইজে ।

লগতে পঢ়ক :Gujarat Assembly polls: আজি অন্ত পৰিব গুজৰাট নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ

Last Updated : Nov 29, 2022, 4:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.