ETV Bharat / state

বছৰৰ তৃতীয়টো অসম ভ্ৰমণত প্ৰতিবাদৰ সন্মুখীন হ’ব নেকি মোডী ! - প্ৰধানমন্ত্ৰী মোডী

সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ৷ নিৰ্বাচনক আগত ৰাখি জনতাৰ কাষলৈ সোঁত বৈছে জননেতাৰ ৷ দিল্লীৱালা নেতাৰো সঘন অহা-যোৱা চলিছে ৰাজ্যলৈ ৷ আনহাতে, শাসক-বিৰোধীৰ মাজত সমালোচনাৰ যুঁজখনো সমানেই চলি থকা পৰিলক্ষিত হৈছে ৷ সোমবাৰে প্ৰধানমন্ত্ৰী মোডী অসমলৈ অহাৰ কথা ৷ তাৰ পূৰ্বে দেওবাৰৰ দিনটোত ৰাজ্যখনত দেখা গ’ল কংগ্ৰেছৰ চৰকাৰ বিৰোধী প্ৰতিবাদ ৷

before pm modi's assam visit congress start protest against price hike of petroleum

author img

By

Published : Feb 21, 2021, 6:08 PM IST

নিউজ ডেস্ক, 21 ফেব্ৰুৱাৰী : সোমবাৰে পুনৰ বাৰ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ চলিত বৰ্ষত এয়া হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৃতীয়টো অসম ভ্ৰমণ ৷ সোমবাৰে ধেমাজিত উপস্থিত হ’ব নৰেন্দ্ৰ মোডী ৷ ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন কৰাৰ লগতে শুৱালকুছি আভিযান্ত্ৰিক মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীলৈ আগবঢ়াব লগীয়া আন কেইটামান প্ৰকল্প হৈছে,ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত INDMAXইউনিট, ডিব্ৰুগড়ৰ মধুবনত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেৰা গাঁৱত গেছ কম্প্ৰেছৰ ষ্টেশ্যন ৷

pm modi's assam visit
ডিব্ৰুগড়ৰ মধুবনত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম

কিন্তু মোডীৰ তৃতীয়টো অসম ভ্ৰমণৰ পূৰ্বে প্ৰতিবাদ মুখৰ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ ৷ দেওবাৰে ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল কংগ্ৰেছী নেতা-কৰ্মীক ৷ শিৱসাগৰ, নলবাৰী, ডিফু আদি বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল কংগ্ৰেছ দলক ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত মূলতঃ প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷

before pm modi's assam visit congress start protest against price hike of petroleum
তিনিচুকীয়াৰ মাকুমৰ হেবেৰা গাঁৱত গেছ কম্প্ৰেছৰ ষ্টেশ্যন

উল্লেখ্য যে, সাত বছৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী হোৱাৰ আগত নৰেন্দ্ৰ মোডীয়ে এই ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে তদানীন্তন কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা কৰিছিল ৷ দেশবাসীক আশ্বাস দিছিল যে, ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিলে ইন্ধনজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰা হ’ব ৷ কিন্তু বৰ্তমান দেখা গৈছে যে, পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে প্ৰতি লিটাৰত 90 টকা পৰ্যন্ত ৷ অনুৰূপ ধৰণে বৃদ্ধি হৈছে ৰন্ধন গেছৰ মূল্যও ৷ যাৰ পৰিপ্ৰেক্ষিতত ব্যতিব্যস্ত হৈ পৰিছে জনসাধাৰণ ৷ এই ব্যাপক মূল্যবৃদ্ধি ৰোধৰ বাবে কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰীৰ তৃতীয় লানি অসম ভ্ৰমণৰ প্ৰাক্ ক্ষণত সাব্যস্ত কৰা দেখা গৈছে প্ৰতিবাদ ৷

pm modi's assam visit
বঙাইগাঁও শোধনাগাৰত INDMAXইউনিট

লগতে পঢ়ক : পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.