ETV Bharat / state

Bangali Yuva Satra Federation: বাঙালী বিদ্বেষী মন্তব্যৰে ভাতৃত্ববোধ বিনষ্ট নকৰিবলৈ সকীয়নি অখিল গগৈক

অখিল গগৈক মিছলীয়া আখ্যা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে’ৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত কৰা মন্তব্যৰ পাচতে বিধায়কগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দীপক দে’ ৷ অখিল গগৈক বাঙালী বিদ্বেষী মন্তব্যৰে ভাতৃত্ববোধ বিনষ্ট নকৰিবলৈ সকীয়নি ৷

author img

By

Published : Jun 26, 2023, 4:42 PM IST

bangali yuva satra federation warns akhil gogoi
Akhil Gogogi on constituency delimitation
অখিল গগৈক মিছলীয়া আখ্যা দীপক দে’ৰ

জোনাই, ২৬ জুন: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত অখিল গগৈয়ে কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে’ ৷ বিধায়ক অখিল গগৈয়ে প্ৰতিটো বিষয়তে হিন্দু বাঙালীসকলক টানি আনে বুলি মত ব্যক্ত কৰে সভাপতিগৰাকীয়ে ৷ বঙালী বিৰোধী মন্তব্যৰে ভাতৃত্ববোধ বিনষ্ট নকৰিবলৈ অখিল গগৈক সকীয়নি দীপক দে’ৰ ৷

উল্লেখ্য যে, যোৱা 20 জুনত ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ দিল্লী বিমান বন্দৰৰ পৰাই এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি তেওঁ কৈছিল যে, বিজেপি চৰকাৰৰ শ্ৰুতলিপি মতে নিৰ্বাচন আয়োগে এই খচৰা প্ৰস্তুত কৰিছে ৷

অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ বাবে আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে যদিও ইয়াৰ দ্বাৰা হিন্দু বাঙালীসকলহে উপকৃত হ’ব বুলি অখিল গগৈয়ে উল্লেখ কৰিছিল ৷ তেওঁ লগতে এইটোও কৈছিল যে, খিলঞ্জীয়াৰ অধিকাৰ হ্ৰাস পাব ইয়াৰ ফলত ৷

অখিল গগৈৰ এই মন্তব্যৰ পিচত বিধায়কজনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ৷ সংগঠনটোৰ সভাপতি দীপক দে’য়ে কয়, ‘‘অসমত সমষ্টি নিৰ্ধাৰণৰ খচৰা প্ৰকাশ হোৱাৰ পাচৰ পৰা বিভিন্ন দল সংগঠনে নিজৰ অধিকাৰ বাবে প্ৰতিবাদ কৰিছে, তাত আমাৰ কবলৈ একো নাই ৷ সেয়া সকলোৰে নিজৰ প্ৰাপ্য। কিন্তু বিধায়ক অখিল গগৈয়ে প্ৰতিটো কথাতেই হিন্দু বাঙালী লোক সকলক টানি আনি মন্তব্য কৰি থাকে ।’’

লগতে পঢ়ক: Constitution demolition in Dhemaji : অখিল গগৈক তীব্ৰ কটাক্ষ বিধায়ক ভুৱন পেগুৰ

‘‘বিধায়ক গৰাকীয়ে কৈছে যে প্ৰকাশ কৰা খচৰা খন হিন্দু বাঙালীৰ স্বাৰ্থত প্ৰকাশ কৰা হৈছে । সেয়া সম্পূৰ্ণ মিছা কথা ৷ CAA আন্দোলনৰ সময়তো তেওঁ অসমৰ ৰাইজক CAA গৃহীত হ'লে বাংলাদেশৰ পৰা ১ কোটি ৯০ লাখ মানুহ আহিব বুলি কৈছিল, ক’ত আহিলে অখিল গগৈয়ে দেখুৱাই দিব পাৰিব নেকি ?’’ দীপক দে’য়ে প্ৰশ্ন কৰে ৷

বিধায়ক অখিল গগৈ এজন মিছলীয়া, মিথ্যাবাদী আৰু হিন্দু বাঙালী বিৰোধীৰ লগতে অসমীয়া বিৰোধী লোক । তেওঁ সদায়েই কিবা এটা ইছ্যু টানি আনি হিন্দু বাঙালী আৰু অসমীয়াৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব বিচাৰে, সেয়া আজিৰ তাৰিখত প্ৰমাণ হৈছে বুলি কটাক্ষ কৰে বাঙালী সংগঠনটোৰ সভাপতিগৰাকীয়ে । এনেদৰে বাঙালী বিৰোধী মন্তব্য দি অসমীয়া বাঙালীৰ মাজত থকা সাতামপুৰুষীয়া ভ্ৰাতৃবোধ বিনষ্ট নকৰিবলৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে'য়ে সঁকীয়াই দিয়ে অখিল গগৈক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.