জোনাই, ২৫ আগষ্ট : সদৌ অসম গোৰ্খা সন্মিলনৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে জোনাই টাউন ক্লাৱত মেজৰ দুৰ্গা মল্লৰ স্মৃতিত বলিদান দিৱস উদযাপন কৰা হয় (Balidaan Diwas of Major Durga Malla organized in Jonai)। এই দিৱস উপলক্ষে পুৱা প্ৰায় ৮ বজাত পতাকা উত্তোলন কৰে ধেমাজি জিলা গোৰ্খা সন্মিলনৰ সভাপতি বিঞ্চুলাল প্ৰধানে । ইয়াৰ পাচতে শ্বহীদ তৰ্পণ কৰে ধেমাজি জিলা গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক পাৰ্থ ছেত্ৰীয়ে ।
দিনৰ প্ৰায় ১১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাখন উদ্বোধন কৰে শিক্ষক যুদ্ধবীৰ প্ৰধানে । ধেমাজি জিলা গোৰ্খা সন্মিলনৰ সভাপতি বিঞ্চুলাল প্ৰধানৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদক ৷
তেওঁ কয়, ‘‘মিচিং আৰু গোৰ্খাসকলৰ মাজত হোৱা সম্বন্ধ কমাৰ শালত গঢ়া নহয় । এই সম্বন্ধ ৰাজনৈতিক কাৰণতো গঢ় লৈ উঠা নাই ৷ বৰঞ্চ এই সম্বন্ধ ঐতিহাসিক আৰু চিৰযুগমীয়া’’ ৷ লগতে তেঁও কয়, ‘‘দেশৰ হকে গোৰ্খাসকলে বহু আত্মবলিদান আগবঢ়াই গৈছে ৷ ইয়াৰ জ্বলন্ত উদাহৰণ মেজৰ দুৰ্গা মল্ল ৷
যিসকলে জাতিৰ মুক্তিৰ হকে ৰাইজক জাগ্ৰত কৰি ওৰেটো জীৱন ত্যাগ স্বীকাৰ কৰি গৈছে ৷ সেইসকলৰ স্মৃতি যুগমীয়া কৰি মহান পুৰুষসকলৰ আদৰ্শ আৰু কৰ্মৰাজিক জীয়াই ৰাখিবলৈ সমূহীয়াভাৱে প্ৰয়াস চলাব লাগিব ৷ ইয়াৰ উপৰিও কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, উপেন্দ্ৰনাথ ব্ৰহ্মকে ধৰি সমাজৰ পথ প্ৰদৰ্শকসকলৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ সকলোকে চেষ্টা কৰিব লাগিব’’ ৷
এই সভাতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম গোৰ্খা সন্মিলনৰ সভাপতি কৃষ্ণ ভূজেলে কয়, ‘‘দেশমাতৃ হকে সৰ্বস্ব ত্যাগ কৰি যোৱা মহান মনিষীসকলৰ আদৰ্শ আৰু চানেকিৰে নতুন সমাজ নিৰ্মাণত আত্মনিয়োগ হ’ব লাগিব’’ ৷ ইফালে টিএমপিকেৰ সভাপতি, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, সদৌ অসম গোৰ্খা সন্মিলনৰ যুটীয়া সচিব সঞ্জীৱ ছেত্ৰী বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দেশৰ স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ অৱদানৰ ওপৰত বক্তব্য আগবঢ়ায় ।
উল্লেখ্য যে, সভাত সমবেত গীত পৰিৱেশন কৰে জোনাই গোৰ্খা কৃষ্টি দলে । অনুষ্ঠানত সদৌ অসম গোৰ্খা সন্মিলনৰ নৱগঠিত সমিতিখনৰ বিষয়ববীয়াসকলক ধেমাজি জিলা গোৰ্খা সন্মিলনৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনায় । সভাৰ অন্তত সন্ধিয়া প্ৰায় ৬ বজাত সমূহীয়াভাৱে বন্তি প্ৰজ্বলন কৰা হয় ।
লগতে পঢ়ক : ৰেষ্টোৰাত মাজুলীৰ কলা সংস্কৃতিক অপমানক লৈ অব্যাহত প্ৰতিক্ৰিয়া