নিউজ ডেস্ক, ১ ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ চাইকেল ৰেলী ৷ কেবৰ বিৰুদ্ধে অসমৰ গ্ৰামাঞ্চলৰ ৰাইজক সজাগ কৰাৰ উদ্দেশ্য ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা গাঁৱে গাঁৱে চাৰিদিনীয়া চাইকেল ৰেলীৰ তৃতীয় দিনা দেওবাৰেও ধেমাজি সদৰ আঞ্চলিক সমিতি আৰু জীয়াঢল আঞ্চলিক সমিতিৰ সহযোগত চাইকেল ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰূপায়ণ কৰা এই কাৰ্যসূচীত আছুৰ কৰ্মীসকলে ধেমাজি শ্বহীদ কাৰ্যালয়ৰ পৰা চাইকেল সমদল উলিয়াই গুৱাল চাপৰি,মাছগাঁও,লেলনি,জুকতলি,কপাহতলী,পাঁচআলি,টেকজুৰি,বিষ্ণুপুৰ,লাচিত নগৰ,খুবলীয়া,ভেহপৰা আদি বহুকেইখন গাঁৱৰ মাজেৰে পৰিভ্ৰমণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই চাইকেল ৰেলী কাৰ্যসূচীত আছুৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ সম্পাদক কৰুণজ্যোতি চেতিয়া,জিলা বিত্ত সম্পাদক ৰবি কছাৰীকে ধৰি অন্যান্য আছু নেতাসকলে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক:বিষয় কেব: ৰাজ্যজুৰি অব্যাহত বিভিন্ন দলৰ প্ৰতিবাদী কাৰ্যসূচী
ইফালে বিধেয়ক খন বাতিলৰ দাবীত ৰঙিয়াতো সহস্ৰাধিক আছু কৰ্মীৰ মটৰ চাইকেল ৰেলী দেখা গ'ল দেওবাৰে। ৰঙিয়া নগৰত আছুৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে ৰঙিয়াৰ বিভিন্ন দল-সংগঠনে । প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, জাতিধ্বংসী বিধেয়ক বাতিল কৰক,বাংলাদেশীক বৰপীৰা দিব খোজা বিজেপি চৰকাৰৰ হুচিয়াৰ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে ৰঙিয়াৰ ৰাজপথ ।
আৰু চাওঁক:কেব সন্দৰ্ভত কৌশলপূৰ্ণ স্থিতিত অগপ নেতৃত্ব
আনহাতে কেবৰ বিৰুদ্ধে দেওবাৰে ছয়গাঁৱতো আছুৰ চাইকেলেৰে বৃহৎ প্ৰতিবাদী সমদল ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই ছয়গাঁওস্থিত মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় শতাধিক চাইকেলেৰে সমদল কৰি ছয়গাঁও অঞ্চলৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি গণবিৰোধী আইনখনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ বাবে চেষ্টা কৰে। গণতান্ত্ৰিক প্ৰতিবাদক যদি গুৰুত্ব নিদিয়ে তেন্তে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে আছু নেতৃত্বই ৷
আৰু জানিবৰ বাবে চাওঁক:কেবৰ বিৰোধিতাৰে অগপৰ কাৰ্যালয় ঘেৰাও কটনিয়ানৰ