জোনাই, 14 অক্টোবৰ : সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত সাজু হৈছে বিৰোধী কংগ্ৰেছ দল ৷ বাগানে বাগানে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীৰ সামৰণি পৰাৰ পাছত কংগ্ৰেছৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ এইবাৰ জনজাতি অধ্যুষিত অঞ্চলত কংগ্ৰেছে আৰম্ভ কৰিছে 'চাঙে চাঙে কংগ্ৰেছ' শীৰ্ষক যাত্ৰা ৷ মাজুলীৰ পাছত এই যাত্ৰা আৰম্ভ হ’ল জোনাই সমষ্টিত ৷ 14ৰ পৰা 19 অক্টোবৰলৈ ধেমাজিৰ তিনিটা বিধানসভা সমষ্টি জোনাই, চিচিবৰগাওঁ আৰু ধেমাজি সমষ্টিত চলিব 'চাঙে চাঙে কংগ্ৰেছ' যাত্ৰা ৷
শনিবাৰে পুৱাই জোনাই সমষ্টিৰ বগীবিল সংযোগী কুলাজানৰ পৰা এই যাত্ৰা আৰম্ভ কৰি চেকাইমুখ, আৰ্নে চাপৰি, মুক্তিয়াৰ, চিমেনমুখ আৰু ডিমৌত মিচিং অধ্যুষিত অঞ্চলত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘটোৱাৰৰ লগতে বহু জ্যেষ্ঠ কংগ্ৰেছী নেতাক লগত লৈ বিজেপিৰ বিধায়ক ভুৱন পেগুৰ জোনাই সমষ্টিত ভূপেন বৰাই কৰিলে কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন ৷ ঠায়ে ঠায়ে দলটোক মিচিং ৰাইজে আদৰণি জনোৱাত উৎফুল্লিত হৈ পৰা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
ইফালে চৰকাৰে সৰ্বস্তৰৰ ৰাইজৰ মাজত উন্নয়নৰ গংগা বৈছে বুলি ঢাক-ঢোল বজাইছে আৰু তাকে চাবলৈ 'চাঙে চাঙে কংগ্ৰেছ' আহিছে বুলি কয় ভূপেন বৰাই ৷ তেওঁ কয় যে, চৰকাৰে চাই চাই অৰুণোদই, পিএমএৱাই-জি গৃহ কেৱল বিজেপি কৰ্মীক প্ৰদান কৰিছে ৷ কিন্তু জনজাতীয় অধ্যুষিত অঞ্চল, বাগিচা অঞ্চলত আঁচনি প্ৰদান কৰা নাই বিজেপি চৰকাৰে ৷ লগতে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ শাসনত আহিলে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো মহিলাক 'ন-লখিমী' আঁচনিৰ জড়িয়তে 2,500 শ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে ভূপেন বৰাই ৷
ইফালে কংগ্ৰেছে প্ৰকাশ কৰা সাম্ভাব্য প্ৰাৰ্থী তালিকা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, সেয়া কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বতৰ সিদ্ধান্ত মৰ্মে দুই-এখন আসন প্ৰয়োজনত মিত্ৰ দলক এৰি দিয়া হ'ব ৷ আনহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাজনে কয় যে, চাঙে চাঙে কংগ্ৰেছ যাত্ৰাত প্ৰয়োজন হ'লে জোনাইৰ বিজেপি বিধায়ক ভুৱন পেগুকো কংগ্ৰেছে নিমন্ত্ৰণ জনাব ৷
উল্লেখ্য যে শনিবাৰে এই চাঙে চাঙে কংগ্ৰেছ যাত্ৰাৰ সামৰণি পৰিব জোনাই সমষ্টিৰ তেলাম বৰহাটীত ৷ একেদৰে ধেমাজি জিলাত 19 অক্টোবৰলৈকে চলিব লগা এই কাৰ্যসূচী দেওবাৰে নৱগঠিত চিচিবৰগাওঁ বিধানসভা সমষ্টিত ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৷
লগতে পঢ়ক : Chaange Chaange Congress: এক্সপ্ৰেছ হাইৱে’ চাবলৈ গৈ মাজুলীত চাঙত উঠিল কংগ্ৰেছ