ETV Bharat / state

Assam CM in Dhemaji : ধেমাজিত কোটি টকীয়া প্ৰকল্পৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

author img

By

Published : Dec 23, 2022, 9:23 PM IST

ধেমাজিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি 1220 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰে (Assam CM laid foundation stones for 20 projects worth 1220 cr in Dhemaji)৷

Assam CM laid foundation stones for 20 projects worth 1220 cr in Dhemaji
ধেমাজিত কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস উদ্বোধন মুখ্যমন্ত্ৰীৰ

ধেমাজি, 23 ডিচেম্বৰ : এদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে ধেমাজিত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM in Dhemaji) ৷ ধেমাজি কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত এক বিশাল জনসভাত অংশ লৈ ধেমাজিবাসীৰ বহু প্ৰত্যাশিত কেবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ইয়াৰে ভিতৰত ধেমাজি চিকিৎসা মহাবিদ্যালয়, ধেমাজি-ঢকুৱাখনা সংযোগী দুই লেনযুক্ত পথ, ধেমাজি সংহত উপায়ুক্ত কাৰ্যালয়, ধেমাজি আৰু চিলাপথাৰ অত্যাধুনিক ষ্টেডিয়ামকে ধৰি সৰ্বমুঠ 1220 কোটি টকা ব্যয় সাপেক্ষে 20 টা প্ৰকল্পৰ 15 টাৰ আধাৰশিলা আৰু 6 টা প্ৰকল্পৰ শুভ উদ্বোধন কৰে (Assam CM laid foundation stones for 20 projects worth 1220 cr in Dhemaji) ৷ উল্লেখ্য যে, শুকুৰবাৰে আয়োজিত এই বিশাল সভাত প্ৰায় দহ হাজাৰ লোক সমবেত হয় ৷

লগতে পঢ়ক : Farmers Deprived of govt schemes : চৰকাৰী আঁচনিৰ পৰা বঞ্চিত টীয়কৰ এজাৰগুৰিৰ চহা কৃষক

এই বিশাল সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে ধেমাজি জিলাত ৰূপায়ন কৰিবলৈ বিচৰা প্ৰতিটো প্ৰকল্পৰ ব্যাখ্যা দাঙি ধৰে ৷ নিজৰ স্বভাৱ সুলভ উদাত্ত ভাষণত তেওঁ ধেমাজি জিলাই বৰ্তমান অসমৰ ভিতৰত আটাইতকৈ আগত প্ৰগতিৰ খোজ পেলাইছে বুলিও মন্তব্য কৰে ৷ লগতে ধেমাজিৰ সম্ভাৱনীয়তাক গুৰুত্ব প্ৰদান কৰে ৷

ধেমাজিত মুখ্যমন্ত্ৰীৰ ভূমি পূজন

মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰে গ্ৰহণ কৰিব বিচৰা কেইবাখনো অভিলাষী আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰাই আৰু ইয়াৰ সুবিধা গ্ৰহণ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় ৷ ইপিনে শিলান্যাস আৰু জনসভাত অংশগ্ৰহণ কৰিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ধেমাজি জিলা বিজেপিৰ নৱ-নিৰ্মিত মুখ্যকাৰ্যালয়টো উদ্বোধন কৰাৰ লগতে ধেমাজি উপায়ুক্ত কাৰ্যালয়ত স্থাপন কৰা বীৰ লাচিতৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে (Statue of Lachit Barphukan at Dhemaji DC office) ৷

উল্লেখ্য যে, এখন হেলিকপ্টাৰেৰে ধেমাজি ষ্টেডিয়ামত অবতৰণ কৰি কাড়িচুকৰ পৰা সভাস্থলীত পদব্ৰজে তেওঁ উপস্থিত হয় ৷ প্ৰায় ডেৰ কিলোমিটাৰ পথ পদব্ৰজেৰে আহি থাকোতে পথৰ দুয়োপাৰে বিশাল জনতাই তেওঁক সম্ভাষণ জনায় ৷ শুকুৰবাৰে ধেমাজিত মুখ্যমন্ত্ৰীৰ আগমনক লৈ এক উখল মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : Review meeting: কামৰূপ মহানগৰ জিলাত বনভোজ দলে মানিব লাগিব নিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.