ETV Bharat / state

Assam CM at Silapather: বাঙালী সম্প্ৰদায়ৰ লোকক নিজকে অসমীয়া বাঙালী বুলি চিনাকী দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

অতি উলহ-মালহেৰে আয়োজন কৰা হৈছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনখন (Session All Assam Bengali Youth Students Federation) ৷ এই অধিৱেশনৰ অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

All Assam Bengali Youth Students Federation
সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ অধিৱেশন
author img

By

Published : May 30, 2023, 6:44 PM IST

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ অধিৱেশন

জোনাই ৩০ মে’ : সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ মঙলবাৰে অন্তিমটো দিন (Session All Assam Bengali Youth Students Federation) ৷ এই অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM at Silapather) ৷ এই অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত বাঙালীসকলৰ অৰিহণাৰ এক ইতিহাস সমৃদ্ধ তথ্য দাঙি ধৰে ৷

বাঙালী বুলি সুকীয়া পৰিচয় অথবা স্বীকৃতি নিবিচাৰি বাঙালী সম্প্ৰদায়ৰ সকলোকে নিজকে অসমীয়া বঙালীৰূপে চিনাকী দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ ভাষাৰ কাৰণে পাৰ্থক্য বিচৰাতকৈ বাঙালীসকলে সম্বন্বয়ৰ মাজেৰে কাম কৰি গৌৰৱী অসমীয়া জাতিৰ অংশীদাৰ হ’বলৈও তেওঁ আহ্বান জনায় ৷ লগতে তেওঁ পৃথকে পৃথকে থাকিলে আমি দুৰ্বল হ’ম বুলি মন্তব্য কৰি অসমীয়া জাতিৰ অভিন্ন অংগ হৈ সকলোকে পাৰ্থক্য নিবিচাৰি সহজভাৱে কাম কৰি যাবলৈ আহ্বান জনায় ৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বঙালী মানুহে নিজৰ মাতৃভাষাও জীয়াই ৰাখিব লাগিব, অসমীয়া ভাষাটোকো আদৰণি জনাব লাগিব আৰু সেয়ে তেওঁলোকৰ দ্বায়িত্ব অধিক বুলি কয় ৷ বঙালী এটা বৰ্ণীয় পৰিচয় নহয় বঙালী এটা ভাষিক পৰিচয়হে হ’ব লাগে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে বঙালী সমাজৰ মাজত শিক্ষা, সংস্কৃতি আৰু প্ৰজ্ঞাৰ সাধনাৰে পুনৰ জীৱন্ত হৈ উঠিব লাগিব বুলিও তেওঁ মত প্ৰকাশ কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে বাঙালীসকল অসমত কেতিয়াও শোষিত আৰু নিষ্পেষিত হৈ নাথাকে আৰু ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ বাবে তেওঁলোকে নিজকে সমৰ্পণ কৰিবই লাগিব বুলি কয় ৷ ইফালে ধেমাজি চিলাপথাৰৰ ভৈৰৱপুৰত অনুষ্ঠিত এই অধিৱেশনত অংশগ্ৰহণৰ বাবে অহা মুখ্যমন্ত্ৰীগৰাকীক পথৰ কাষৰ পৰাই স্থানীয় লোকসকলে পুষ্প বৃষ্টিৰে আদৰণি জনায় ৷

ইফালে অন্তিম দিনৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক ভূৱন পেগু, শদিয়াৰ বিধায়ক বলীন চেতিয়া, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু বিজনীৰ বিধায়ক অজয় ৰায় উপস্থিত থাকে ৷

লগতে পঢ়ক : Yoga Training Programme: CRPFৰ দশম বেটেলিয়নৰ যোগ প্ৰশিক্ষণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.