ETV Bharat / state

Assam Book fair in Dhemaji: ধেমাজিত সামৰণি পৰিল অসম গ্ৰন্থমেলাৰ

author img

By

Published : Nov 14, 2022, 11:15 AM IST

ৰাজ্যত ৰাস মহোৎসৱ উলহ-মালহেৰে উদযাপন কৰাৰ লগতে নলবাৰী আৰু ধেমাজি জিলাত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছিল ৷ ধেমাজিত দেওবাৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা ( Assam Book fair ending in Dhemaji) ৷

Assam Book fair ending in Dhemaji
Assam Book fair in Dhemaji :ধেমাজিত সামৰণি পৰিল অসম গ্ৰন্থমেলা

ধেমাজি, 14 নৱেম্বৰ: "ধেমাজিত আয়োজিত অসম গ্ৰন্থমেলা চলিত বৰ্ষৰ প্ৰথম গ্ৰন্থমেলা(Assam Book fair in Dhemaji) ৷ 4 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ধেমাজিৰ এই 9 দিনীয়া কাৰ্যসূচীত আমাৰ অনুভৱ অনন্য ৷ ইয়াৰ সমান্তৰালকে নলবাৰীতো এখন গ্ৰন্থমেলা চলি আছে ৷ আজি শেষৰ দিনটোত আমি এক সুন্দৰ অভিজ্ঞতালৈ যাবলৈ ওলাইছো ৷ ধেমাজিৰ ৰাইজে আমাক সুন্দৰভাৱে সহযোগিতা আগবঢ়াইছে ৷" অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই মন্তব্য প্ৰকাশ কৰে ৷

ৰাজ্যত ৰাস মহোৎসৱ উলহ-মালহেৰে উদযাপন কৰাৰ লগতে নলবাৰী আৰু ধেমাজি জিলাত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছিল ৷ ধেমাজিত দেওবাৰে সামৰণি পৰিল অসম গ্ৰন্থমেলাৰ ( Assam Book fair ending in Dhemaji) ৷

Assam Book fair ending in Dhemaji
Assam Book fair in Dhemaji :ধেমাজিত সামৰণি প Assam Book fair in Dhemaji :ধেমাজিত সামৰণি পৰিল অসম গ্ৰন্থমেলাৰিল অসম গ্ৰন্থ মেলা

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতা সংস্থাৰ উদ্যোগত যোৱা 9 নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ ধেমাজি কাছাৰী ময়দানৰ বাকৰিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা ৷ এই গ্ৰন্থমেলাত অসমৰ প্ৰায়সমূহ আগশাৰীৰ গ্ৰন্থ বিপনীয়ে অংশ লোৱাৰ সমান্তৰালভাৱে অসমৰ বাহিৰৰ দিল্লী আৰু কলকাতাৰ প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰিছিল ৷

এই গ্ৰন্থমেলাই পাঠকৰ মিশ্ৰিত সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে গ্ৰন্থমেলাৰ দিনকেইটাত প্ৰায় 50 লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি উল্লেখ কৰে গ্ৰন্থমেলাৰ উদ্যোক্তা তথা অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ এইবাৰ পোনপ্ৰথমবাৰৰ বাবে ধেমাজি গ্ৰন্থমেলাত ধেমাজি জিলা দিৱসত শিশুসকলে নিজ হাতে লিখা কিতাপৰ কিছু সংকলন গোটাই বুক ফেয়াৰৰ বিপনীত ৰাখিছে ৷ যাতে ছাত্ৰী-ছাত্ৰীসকলে এনে কিতাপসমূহ দেখি নিজেও পঢ়াৰ লগতে লিখিবলৈ আগ্ৰহী হয় ৷

Assam Book fair in Dhemaji :ধেমাজিত সামৰণি পৰিল অসম গ্ৰন্থ মেলা

লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক বিশেষ স্থানত ছবি আঁকিব পৰা, লিখিব পৰাকৈ কাগজ, কলমৰো ব্যৱস্থা কৰিছে ৷ বিশেষ বিপনীখনৰ স্বত্বাধিকাৰীগৰাকীয়ে জনোৱা অনুসৰি এই পদক্ষেপৰ জৰিয়তে শিশুসকলৰ বৌদ্ধিক বিকাশত সহায়ক হ’ব ৷ আনহাতে দুখনমান গ্ৰন্থৰ বিপনী স্বতাধিকাৰীয়ে গ্ৰন্থৰ বিক্ৰী সন্তোষজনক নহ’ল বুলি মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: DAC election 2022: জেপিপিৰ সৈতে বিজেপিয়ে গঠন কৰিব দেউৰী স্বায়ত্ত শাসিত পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.