ETV Bharat / state

ধেমাজিত অসম জাতীয় পৰিষদে ইতিহাস ৰচিব : চিত্তৰঞ্জন বসুমতাৰী

author img

By

Published : Dec 7, 2020, 11:11 AM IST

21 ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰি অসমীয়াৰ স্বাৰ্থত কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈছে অসম জাতীয় পৰিষদ ৷ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় মুখ্য আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীৰ মন্তব্য এক লাখতকৈ অধিক ভোট লাভ কৰি ধেমাজিত অসম জাতীয় পৰিষদে ইতিহাস ৰচিব ৷

ajp central convener chittaranjan basumatari
ধেমাজিত অসম জাতীয় পৰিষদে ইতিহাস ৰচিব : চিত্তৰঞ্জন বসুমতাৰী

ধেমাজি, 7 ডিচেম্বৰ: অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰাৰ উদ্দেশ্যে 2021 ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ বাবে ককালত টঙালি বান্ধিছে অসম জাতীয় পৰিষদে ৷ দেওবাৰে ধেমাজিৰ ভৰালীচুকত আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় মুকলি কৰি পৰিষদৰ কেন্দ্ৰীয় মুখ্য আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে মন্তব্য কৰে যে অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰাৰ বাবে অসম জাতীয় পৰিষদ দৃঢ় প্ৰতিজ্ঞাবদ্ধ ৷

তেওঁ কয় যে ৰাইজৰ সহযোগত অসম জাতীয় পৰিষদে 21 ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হ'ব ৷ এইবাৰৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে বিজেপি চৰকাৰক সম্পূৰ্ণৰূপে উৎখাত কৰিব বুলি মন্তব্য কৰাৰ লগতে ধেমাজিত পৰিষদে এক লাখতকৈও অধিক ভোট লাভ কৰিব বুলিও বসুমতাৰীয়ে মন্তব্য কৰে ৷

ধেমাজিবাসী ৰাইজ সদায় জাতীয়তাবাদৰ পক্ষত আছে বুলি দাবী কৰি সদ্যত্যাগী আছু নেতা বসুমতাৰীয়ে লগতে কয় যে অসম জাতীয় পৰিষদে ৰাইজৰ পৰা পূৰ্ণ সঁহাৰি লাভ কৰিছে , সেয়ে অসমীয়াৰ স্বাৰ্থত কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ দলটোৱে অসমক আগুৱাই নিয়াৰ স্বাৰ্থত কাম কৰি যাব ৷

লগতে পঢ়ক:ধেমাজিত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় মুকলি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.