ETV Bharat / state

শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে আঁসোৱাহৰ অভিযোগ

author img

By

Published : Feb 7, 2021, 12:23 PM IST

Updated : Feb 7, 2021, 12:59 PM IST

শেহতীয়াকৈ অসম চৰকাৰে আলোড়নৰ সৃষ্টি কৰা শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আসোঁৱাহ পূৰ্ণ বুলি অভিযোগ উত্থাপন ধেমাজিৰ প্ৰাদেশীকৰণৰ আওতাৰ পৰা বাদ পৰা ড্ৰপ শিক্ষকসকলৰ ৷ শনিবাৰে ধেমাজি প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ক্ষোভ প্ৰকাশ কৰে শিক্ষকসকলে ৷

ড্ৰপ শিক্ষকৰ অভিযোগ:শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আসোঁৱাহ পূৰ্ণ

ধেমাজি,7 ফেব্ৰুৱাৰী: অসম চৰকাৰে শেহতীয়াকৈ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰে আলোড়নৰ সৃষ্টি কৰি বহুসংখ্যক পৰিয়ালৰ মাজত হাঁহি বিৰিঙাই তুলিবলৈ সক্ষম হৈছে যদিও বহু শিক্ষকক বঞ্চিত কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো আসোঁৱাহ পূৰ্ণ বুলি অভিযোগ কৰি শনিবাৰে
ধেমাজি প্ৰেছ ক্লাবত প্ৰাদেশীকৰণৰ আওতাৰ পৰা বাদ পৰা ড্ৰপ শিক্ষকসকলে এক সংবাদমেল সম্বোধন চৰকাৰলৈ কাতৰ আহ্বান জনায় ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকক বেতনৰ ব্যৱস্থা কৰি সকাহ দিবলৈ অনুৰোধ জনাইছে শিক্ষকসকলে ৷ ধেমাজিৰ শিক্ষা বিভাগৰ গাফিলতিতেই জিলাখনৰ প্ৰায় 370 জন শিক্ষক বঞ্চিত হ'বলগীয়া হৈছে বুলি অভিযোগ কৰিছে শিক্ষকসকলে ৷

ধেমাজিৰ প্ৰায় ৩৭০ জন শিক্ষক বৰ্তমানে নিযুক্তিৰ পৰা বঞ্চিত হ’ল বুলি উল্লেখ কৰি ২০১৩ চনৰ পৰা প্ৰাদেশীকৰণৰ পৰা বাদ পৰা শিক্ষক সকলৰ নাম School U. Dise Code ত বিভাগীয় কতৃৰ্পক্ষই অন্তৰ্ভূক্ত নকৰাৰ বাবে ধেমাজিৰ এইসকল শিক্ষক পুনৰ বঞ্চিত হ’বলগা হয় ৷ নিযুক্তিৰ পৰা বঞ্চিত হোৱা শিক্ষক গজেন সন্দিকৈয়ে কয় যে, মাধ্যমিক শিক্ষা বিভাগৰ MEMO NO.ASE262/2017/56-A, dated THE 27th MAY,2017 তাৰিখৰ আদেশমৰ্মে ২০১৩ বৰ্ষৰ জুলাইত জিলাসমূহৰ পদবোৰ প্ৰাদেশীকৰণৰ বাবে প্ৰয়োজনীয় সকলো তথ্য-পাতি প্ৰধান শিক্ষকৰ জৰিয়তে জমা দিয়া হৈছিল ৷

শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে আঁসোৱাহৰ অভিযোগ

পৰৱৰ্তী ২০১৭-১৮ সংশোধনী আইনৰ মতে এগৰাকী ব্যক্তিক যোগ্য শিক্ষক বিবেচনা কৰি বাকীসকলক অযোগ্য শিক্ষক হিচাপে গণ্য কৰে ৷ বৰ্তমান চৰকাৰে সেই পদ প্ৰাদেশীকৰণ কৰিবলৈ লৈছে যদিও School U. Dise Code ত শিক্ষকসকলৰ নাম অন্তভুৰ্ক্ত নোহোৱাত হাহাকাৰ কৰিবলগীয়া হৈছে ৷ সেয়ে ২০-২৫ বছৰে কৰ্মৰত শিক্ষক তথা নিযুক্তিৰ পৰা বঞ্চিত এইসকল শিক্ষকে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীগৰাকীক তৎকালীনভাৱে ইয়াৰ এটা সু-ব্যৱস্থা কৰি দিবলৈ সংবাদমেলৰ জৰিয়তে দাবী উত্থাপন কৰে ৷ তদুপৰি এই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটোত জিলা পৰ্যায়ৰ শিক্ষা বিভাগৰ বিষয়াৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ ঊৰ্ধতম কৰ্তৃপক্ষৰ বিষয়াৰ ভূমিকাক তীব্ৰ গৰিহণা দি ন্যায়ৰ বাবে আইনৰ কাষ চাপিব বুলিও মন্তব্য কৰে নিযুক্তিৰ পৰা বঞ্চিত শিক্ষকসকলে ৷

লগতে পঢ়ক: মোডীৰ অসম ভ্ৰমণক লৈ গঢ়ি তোলা বিশেষ বজাৰখন

Last Updated : Feb 7, 2021, 12:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.