ETV Bharat / state

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত অঃজাঃ যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - প্ৰতিবাদ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে ৷ প্ৰতিবাদীক আটক আৰক্ষীৰ ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Aug 3, 2019, 5:12 PM IST

ধেমাজি,3আগষ্ট : শনিবাৰে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে উত্তাল হ'ল ধেমাজিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অৱৰোধ কৰিলে 15নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ প্ৰতিবাদকাৰীসকলে বৃহৎ নদী বান্ধ বন্ধ কৰক , বান্ধ লবী হুচিয়াৰ ,সৰ্বানন্দ সোণোৱালৰ লাজ নাই আদি শ্ল'গানেৰে উত্তাল কৰি তোলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

উল্লেখ্য যে,ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ (NGT) য়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সপক্ষত ৰায় প্ৰদান কৰি অসমৰ বৃহৎ নদীবান্ধ বিৰোধী সংগঠনসমূহৰ প্ৰতিবাদক কোনো গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰে দল সংগঠনসমূহ । সেয়ে AJYCP য়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই ত্ৰিশ মিনিট ধৰি ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সম্পাদক বিষ্ণু শৰ্মাই কয় যে,- জনসাধাৰণৰ কোনো উন্নয়নৰ কথা চিন্তা নকৰি কেৱল পুঁজিপতিসকলৰ কথা চিন্তা কৰি চৰকাৰ বান্ধ লবীৰ পক্ষত থাকি সাধৰণ জনতাৰ লগত হেতালি খেলি আছে । সেয়ে শীঘ্ৰেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ নকৰিলে জনসাধাৰণৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সংবাদ মাধ্যমৰ আগত সকীয়াই দিয়ে নেতাগৰাকীয়ে ৷ ইপিনে প্ৰতিবাদৰ ফলত ঘাইপথত সৃষ্টি হয় তীব্ৰ যানজঁটৰ ৷

Intro:নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত ধেমাজিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ যুৱ- ছাত্র পৰিষদৰ । প্ৰতিবাদীক আটক আৰক্ষীৰ ।

Body:ধেমাজি , 3, আগষ্ট : পুনৰ বৃহৎ নদীবান্ধ বিৰুদ্ধে প্ৰতিবাদমখৰ হৈ পৰিল দল- সংগঠন ।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত শনিবাৰে ১৫ নং ৰাষ্ট্রীয় ঘাই পথ অৱৰোধ উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ধেমাজি জিলা সমিতিয়ে ।সমিতিৰ শতাধিক প্ৰতিবাদীয়ে

বৃহৎ নদী বান্ধ বন্ধ কৰক , বান্ধ লবী হুচিয়াৰ ,সৰ্বানন্দ সোণোৱাল লাজ নাই আদি উদাত্ত শ্লগানেৰে ধেমাজি নগৰৰ সমীপত ভৰালী চুকত ১৫ নং ৰাষ্ট্রীয় ঘাইপথ ত অৱৰোধ কৰি উত্তাল কৰি তোলে ।
উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ (NGT) এ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সপক্ষত ৰায় প্ৰদান কৰি অসমৰ বৃহৎ নদীবান্ধ বিৰোধী সংগঠনসমূহৰ প্ৰতিবাদক তিলমানো গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে দল সংঠনসমূহ ।সেয়ে AJYCP ইয়াৰ তীব্র প্ৰতিবাদ জনাই শনিবাৰে ত্ৰিশ মিনিট ধৰি ঘাইপথ অৱৰোধ কৰি সাৱ্যস্ত কৰে প্ৰতিবাদ ।

Conclusion: যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সম্পাদক বিষ্ণু শৰ্মাই কয় যে ‌ জনসাধাৰণৰ কোনো উন্নয়নৰ কথা চিন্তা নকৰি কেৱল পূঁ জিপতিসকৰল কথা ত লাগি বান্ধ লবীৰ পক্ষত থাকি এই চৰকাৰখনে হেতালি খেলিছে । সেয়ে শীৰ্ঘ্ৰেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ নকৰিলে জনসাধাৰণৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে নেতাগৰাকীয়ে

byte...

ইপিনে প্ৰতিবাদৰ ফলত ঘাইপথত য়ান বাহন আৱদ্ধ হৈ পৰে । অৱশেষত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীক আটক কৰি লৈ যায় ।

PRADUNYA BHARALI , DHEMAJI , ETV BHARAT , ASSAM , 3/8/2019

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.