ETV Bharat / state

জোনাইত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ প্ৰতিযোগিতাৰ আয়োজন

author img

By

Published : Nov 29, 2020, 12:50 PM IST

শনিবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,অসমৰ সহযোগিতা আৰু ধেমাজি জিলাৰ মুৰ্কংচেলেক ব্লকৰ উদ্যোগত এখন ব্লক পৰ্যায়ৰ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত নিৰ্বাচিত হোৱা প্ৰতিযোগীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে ৷

aryabhatta scrience centre held a competition
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ প্ৰতিযোগিতা

জোনাই,29 নৱেম্বৰ : ছাত্ৰ-ছাত্ৰীৰ লগতে উঠি অহা নৱ প্ৰজন্মৰ সৃষ্টি বিজ্ঞান মানসিকতা অনুপ্ৰাণিত কৰি তোলাৰ নিমিত্তে বিজ্ঞান শিক্ষাৰ বৌদ্ধিক জাগৰণ সৃষ্টি কৰি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,অসমৰ সহযোগিতা আৰু ধেমাজি জিলাৰ মুৰ্কংচেলেক ব্লকৰ উদ্যোগত শনিবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এখন প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে জোনাইৰ জনসংযোগ বিষয়া সৌভিক ভূঞাই ৷ ক’ভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি মহকুমা প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী আয়োজন কৰা প্ৰতিযোগিতাত সীমিত সংখ্যক বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক প্ৰদীপ কুমাৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগু, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, প্ৰকৃতি প্ৰেমী নেচাৰ্চ বেকনৰ সক্ৰিয় কৰ্মী তথা শিক্ষক তোষেশ্বৰ মিৰি আগৰৱালা, সাংবাদিক ৰয়েল পেগু, মনোজ প্ৰজাতিৰ আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত সভাপতিত্ব আগবঢ়ায় জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক পি.এন দাৰিকে ৷

পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা মডেল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ থমাচ পায়েং, দ্বিতীয় স্থান জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্র অভিজিত দলে আৰু তৃতীয় স্থান লাভ কৰে থ্ৰী জে হাইস্কুলৰ ছাত্র চান্দাম হুছেইনে ৷ আনহাতে চিত্ৰাংকণ প্ৰতিযোগিতাত প্ৰথম স্থান জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র অনিল টায়ে, দ্বিতীয় স্থান জোনাই ফ্ৰান্সিলিয়ান হাইস্কুলৰ ৰশ্মি পেগু আৰু তৃতীয় স্থান মুৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তেজি বনিয়াই লাভ কৰে ৷ আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জানমনি কুলি, দ্বিতীয় জোনাই থ্ৰী জে স্কুলৰ তপচ দাস আৰু তৃতীয় স্থান মেনাম পাতিৰে লাভ কৰে ৷ বিজ্ঞান ধাৰণা প্ৰতিযোগিতাখনত একমাত্ৰ পুৰষ্কাৰ প্ৰদান কৰা হয় জোনাই ফ্ৰান্সিলিয়ান হাই স্কুলৰ জেচমিন পেগুক ৷

উল্লেখ্য যে, এই আৰ্যভট্ট বিজ্ঞান প্ৰতিযোগিতাত নিৰ্বাচিত হোৱা প্ৰতিযোগীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে ৷ সামৰণি তথা বঁটা বিতৰণ অনুষ্ঠানত প্ৰতিযোগিতা কেইটাত সফলতা দেখুওৱা ছাত্র-ছাত্ৰীসকলক এখন মানপত্ৰ আৰু একোখনকৈ কিতাপেৰে পুৰস্কৃত কৰা হয় ৷

লগতে পঢ়ক : অন্ত পৰিল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.