চিলাপথাৰ, 12 জানুৱাৰীঃ চিলাপথাৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলাভিত্তিক প্ৰতিযোগিতা ৷ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সৌজন্যত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় উক্ত প্ৰতিযোগিতাখন ৷ জিলাখনৰ মুৰ্কংচেলেক, চিচিবৰগাঁও, ধেমাজি, মাছখোৱা আৰু বৰদলনি ব্লক, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈ নিৰ্বাচিত প্ৰতিযোগীসকলৰ মাজত অনুষ্ঠিত কৰা হয় প্ৰতিযোগিতাখন ৷ চিলাপথাৰ কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ পৱিত্ৰ চিৰিঙৰ পৌৰহিত্যত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ধেমাজি জিলাৰ সমন্বয়ক ড৹ অনুপ কুমাৰ দলেই ৷ আনহাতে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ধেমাজি জিলা সমন্বয়ক মেঘনাথ টায়ে কয় যে, মৌলিক বিজ্ঞানৰ প্ৰগতি আৰু প্ৰসাৰ অবিহনে এটা জাতিৰ উত্থান কেতিয়াও সম্ভৱ নহয় । অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ, অসম বিজ্ঞান সমিতি আদি বিভিন্ন বিজ্ঞান সমিতিৰ জৰিয়তে ৰাজ্যজুৰি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞান মানসিকতা সৃষ্টিৰ যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতিকৈ আদৰণীয় ৷
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ তথা চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ লক্ষীনাথ পেগু, অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক বিজয় কোঁৱৰ, ব্লকৰ সমন্বয়ক প্ৰদীপ কুমাৰ গগৈ, বৰদলনি ব্লকৰ সমন্বয়ক গনেশ বৰুৱা ৷ পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা বিজ্ঞান মডেল প্ৰদৰ্শন, কুইজ,আকস্মিক বক্তৃতা, চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে ভৱকান্ত মিছং, প্ৰকাশ ৰাই, উপেন দত্ত, মুকুল চন্দ্ৰ বৰুৱা, ভাইকণ দত্ত, মধু শাস্ত্ৰি, শ্যামন্ত পেগু, হেমন্ত বৰা আৰু গৌতম দত্ত ৷ প্ৰতিযোগিতাখনত প্ৰথম স্থান লাভ কৰে চিচিবৰগাঁও ব্লক চিলাপথাৰ এছ এফ এছৰ দীপাংকৰ পেগুয়ে ৷ সমান্তৰালকৈ দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে বৰদলনি ব্লকৰ গোগামুখৰ জংকি পানৈই হাইস্কুলৰ দ্বীপজ্যেতি পেগু আৰু ধেমাজি ব্লকৰ ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ময়ূৰ তৃষ্ণা গোহাঁইয়ে ৷ আনহাতে, আকস্মিক বক্তৃতাত চিচিবৰগাঁও ব্লক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ চিলাপথাৰ ডনবস্ক হাইস্কুলৰ ৰিশিকা কুমাৰীয়ে প্ৰথম, ধেমাজি ব্লকৰ ভি কে ভিৰ অভিনাশ চাণ্ডিল্যই দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে ধেমাজি ব্লক এচ এফ স্কুলৰ আস্থা শৰ্মাই ৷
লগতে পঢ়ক-পাক-অধ্যুষিত কাশ্মীৰ অধিগ্ৰহণ কৰিবলৈ সেনা সাজুঃ সেনাপ্ৰধান জেন. নাৰাভানে