ETV Bharat / state

Annual Session of Bodo Cultural Forum: নিখিল বড়ো সাংস্কৃতিক মঞ্চ-মহিলা কল্যাণ পৰিষদৰ অধিৱেশন সমাপ্ত - Annual Session of Bodo Cultural Forum at Dhemaji

নিখিল বড়ো সাংস্কৃতিক মঞ্চৰ ১৯ সংখ্যক আৰু নিখিল বড়ো মহিলা কল্যাণ পৰিষদৰ ১৭ সংখ্যক অধিৱেশনৰ সমাপ্তি (All Bodo Womens Welfare Council session)। দুয়োটা জাতীয় সংগঠনৰ সভাপতি, সাধাৰণ সম্পাদক বাহাল থাকিল । অনুষ্ঠানৰ মুকলি সভাত বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে ।

Annual Session of Bodo Cultural Forum
নিখিল বড়ো সাংস্কৃতিক মঞ্চ আৰু মহিলা কল্যাণ পৰিষদ অধিৱেশন সমাপ্ত
author img

By

Published : Jan 19, 2023, 6:36 PM IST

নিখিল বড়ো সাংস্কৃতিক মঞ্চ আৰু মহিলা কল্যাণ পৰিষদ অধিৱেশন সমাপ্ত

জোনাই,১৯ জানুৱাৰী : সামৰণি পৰিল ধেমাজি জিলাৰ চিমেন চাপৰিৰ সতীশ বসুমতাৰী বড়ো হাইস্কুল খেলপথাৰত অনুষ্ঠিত দুলাৰাই বড়ো হাৰিমু আফাড (নিখিল বড়ো সাংস্কৃতিক মঞ্চ)ৰ ১৯ সংখ্যক আৰু আবৌফ (নিখিল বড়ো মহিলা কল্যাণ পৰিষদ)ৰ ১৭ সংখ্যক অধিৱেশন (Annual Session of Bodo Cultural Forum)। ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ বৃহস্পতিবাৰে পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ মুকলি কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অনিল বসুমতাৰীয়ে (Annual Session of Bodo Cultural Forum at Dhemaji)।

আনহাতে ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী কৃষ্টি প্ৰদৰ্শন অনুষ্ঠানৰ উদ্বোধন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ (Boro Kachari Welfare Autonomous Council) ডেপুটি ছীফ ৰোমিঅ নাৰ্জাৰীয়ে । পৰৱৰ্তী সময়ত যোগেশ্বৰ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাখন উদ্বোধন কৰি বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীয়ে কয় যে বড়ো জাতি গঠনত নিখিল বড়ো হাৰিমু আফাড আৰু আবৌফে নিৰৱচ্ছিন্নভাৱে ভূমিকা পালন কৰি আহিছে ।

জাতীয় পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত কৰি ৰাখিবলৈ জাতিটোৰ সকলো শ্ৰেণীৰ ৰাইজে ঐক্যৱদ্ধভাৱে আগবাঢ়ি আহিব লাগিব বুলিও তেওঁ উল্লেখ কৰে । অভ্যৰ্থনা সমিতিৰ সভাপতি ললিত চন্দ্ৰ বড়োৱে আদৰণি ভাষণ আগবঢ়োৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োয়ে কয় যে বড়োসকলৰ ভাষা, সাহিত্য, সংস্কৃতিৰ বিকাশ আৰু উন্নয়নৰ বাবে ১৯৫২ চনত বড়ো সাহিত্য সভা গঠন হৈছিল আৰু ইয়াৰ পাছত নিখিল বড়ো ছাত্র সন্থা প্ৰতিষ্ঠা হৈছিল ।

এবছুয়ে প্ৰতিষ্ঠা কালৰে পৰা বড়োসকলৰ ৰাজনৈতিক, সামাজিক, শৈক্ষিক আদি দিশৰ উত্তৰণৰ বাবে বলিষ্ঠভাৱে কাম কৰি আহিছে । তাৰ পৰৱৰ্তীকালত গঠন হোৱা নিখিল বড়ো সাংস্কৃতিক মঞ্চই বড়োসকলৰ নৃত্য, গীত, কৃষ্টি-সংস্কৃতিৰ বিজ্ঞানসন্মত চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা গ্ৰহণ কৰি বড়ো জাতিৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে ।

আনহাতে বড়ো জাতিৰ মাজত জাতীয় চেতনা জগাই তুলি জাতীয় সত্তা শক্তিশালী কৰা ক্ষেত্ৰত বড়ো হাৰিমু আফাডে নিৰলসভাৱে দায়িত্ব পালন কৰি গৈছে বুলিও তেওঁ উল্লেখ কৰি আবৌফ তথা নিখিল বড়ো মহিলা কল্যাণ পৰিষদে বড়োলেণ্ড আন্দোলনত জন্ম লগ্নৰে পৰা জাতীয় দায়িত্ব গ্ৰহণ কৰি আহিছে বুলি দাবী কৰে ।

সভাত বিশিষ্ট অতিথি হিচাপে অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে অংশগ্ৰহণ কৰি কয় যে বড়োসকলে সুদীৰ্ঘ বছৰ ধৰি আত্ম নিয়ন্ত্ৰণৰ আন্দোলন কৰি আহিছে । সেই আন্দোলনত বহু সংগ্ৰামী নেতৃত্ব শ্বহীদ হ'ব লগা হ'ল আৰু হাজাৰ হাজাৰ জনে নিৰ্যাতনৰ বলী হ'ব লগা হ'ল । বহু ত্যাগৰ বিনিময়ত আজি বড়ো সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত স্বায়ত্ত শাসন লাভ কৰিছে । বড়ো ভাষাই ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হ'ল । এতিয়া বড়োসকলে ৰাজনৈতিক আৰু সামাজিকভাৱে প্ৰতিষ্ঠা হৈছে । এতিয়া অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে বৌদ্ধিক দিশত শক্তিশালী হ'বলৈ চেষ্টা চলাব লাগিব বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ নাৰী কয়ু সমষ্টিৰ বিধায়ক কেন্ট ৰীণা, জয়ন্ত বড়ো, বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰৰ কেইবাগৰাকী সদস্যৰ লগতে বড়ো জাতীয় সংগঠনৰ বহু সংখ্যক নেতা উপস্থিত থাকে । মুকলি সভাত বড়ো হাৰিমু আফাডৰ তৰফৰ পৰা দেবেন ব্ৰহ্মক জহৌলাও নীলেশ্বৰ ব্ৰহ্ম বঁটা আৰু ৰজনী স্বৰ্গীয়াৰীক ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী বঁটা প্ৰদান কৰা হয় ।

সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন কৰে বিটিআৰৰ ই এম ৰণেন্দ্ৰ নাৰ্জাৰীয়ে । সাংস্কৃতিক অনুষ্ঠানত ডিআইডি লিটল মাষ্টাৰ চেম্পিয়ন নৱজিৎ নাৰ্জাৰী উপস্থিত থাকে । কেইবাগৰাকী কণ্ঠশিল্পীয়ে অনুষ্ঠানত গীত পৰিৱেশন কৰে ।

ইফালে বুধবাৰে প্ৰতিনিধি সভাত পুনৰ যোগেশ্বৰ ব্ৰহ্মক সভাপতি, দেবেন্দ্ৰ ব্ৰহ্ম, যোগেন দৈমাৰী, বিনন্দ মুছাহাৰীক উপ সভাপতি, বিজুয়েল নেলছন দৈমাৰীক পুনৰ সাধাৰণ সম্পাদক, স্বপন কুমাৰ নাৰ্জাৰীক যুটীয়া সম্পাদক, চক্ৰধৰ নাৰ্জাৰীক সম্পাদক, ধীৰেণ ৰামচিয়াৰীক কৰ্মশালা প্ৰশিক্ষক হিচাপে লৈ ৪৫ জনীয়া নিখিল বড়ো সাংস্কৃতিক মঞ্চৰ নতুন কাৰ্য্যকৰী সমিতিখন গঠন কৰা হয় ।

আনহাতে প্ৰতিনিধি সভাত দিপালী নাৰ্জাৰীক পুনৰ সভানেত্ৰী, বিজুলী নাৰ্জাৰী, পুলনী ব্ৰহ্মক উপ সভানেত্ৰী, মঞ্জুৰী বড়োক পুনৰ সাধাৰণ সম্পাদিকা, আলাৰী ব্ৰহ্মক যুটীয়া সম্পাদিকা, ৰাজশ্ৰী বসুমতাৰীক সম্পাদিকা হিচাপে লৈ ৩৮ জনীয়া আবৌফৰ নতুন কাৰ্য্যকৰী সমিতিখন গঠন কৰা হয় ।

লগতে পঢ়ক :Annual Session of Bodo Cultural Forum: চিমেন চাপৰিত নিখিল বড়ো সাংস্কৃতিক মঞ্চৰ বাৰ্ষিক অধিৱেশন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.