ধেমাজি, 2 মে’ : সোমবাৰে ধেমাজিত অনুষ্ঠিত হয় সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ বাৰ্ষিক অধিৱেশন ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজহ মন্ত্ৰী যোগেন মহন ৷ মণ্ডলসকলক উদ্দেশ্য ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ বাৰ্ষিক অধিৱেশনত মণ্ডলসকলৰ ফাঁকি নচলিব, বদনাম লৈ নহয় সদনাম লৈ জীয়াই থাকক বুলি সকিয়নী প্ৰদান কৰে ৰাজহ মন্ত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ অনভিজ্ঞ একাংশ মণ্ডলে নকৰিবলগীয়া কাম কৰে বুলিও কয় (All Assam Zonal Kannogo Association) ৷
এতিয়াৰে পৰা মণ্ডলসকল নীতি নিয়মৰ পৰা অলপো বিচলিত হ’ব নোৱাৰিব বুলি উল্লেখ কৰি দুৰ্নীতি, ফাঁকি নচলিব বুলি কয় ৰাজহ মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে কয় যে, জাতি মাটি আৰু ভেঁটি সুৰক্ষিত কৰাত লাট মণ্ডল আৰু গাঁও প্ৰধানৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা ৷ সেইবাবে মণ্ডলৰ চাকৰিত ক্ষেত্ৰত চৰকাৰে কেতবোৰ সংস্কাৰ আনিছে বুলি তেওঁ কয় ৷ এতিয়াৰে পৰা মণ্ডলৰ চাকৰিত গণিত অথবা পৰিসংখ্যা বিষয়ৰ প্ৰয়োজন হোৱাৰ লগতে উচ্চতৰ মাধ্যমিকত বিজ্ঞান বিষয়ত পঞ্চাশ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হ’ব লাগিব বুলি কয় (Revenue Minister Jogen Mohan) ৷
মন্ত্ৰী মহনে কয় যে, মণ্ডলসকলক পদোন্নতিৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি অসমৰ ২৬ টা ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয় সংযুক্ত কাৰ্যালয়লৈ ৰূপান্তৰিত কৰা হ’ব ৷ ইয়াত এগৰাকী অতিৰিক্ত উপায়ুক্ত, কোষাগাৰ, ৰাজহ বিষয়াকে ধৰি এটা স্বয়ংসম্পূৰ্ণ কাৰ্যালয় থাকিব ৷ সেইদৰে মিছন বসুন্ধৰা :2 কাম কাজৰ সম্পৰ্কতো বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে এই অধিৱেশনতে 1926 চনতে স্থাপিত “সদৌ অসম মণ্ডল কাননগো সন্মিলনী”ৰ নাম সলনি কৰি “সদৌ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনী” নামেৰে নামাকৰণ কৰা হয় ৷ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল কাননগোসকলৰ পদবীৰ নাম সমূহ চৰকাৰে নতুনকৈ নামাকৰণ কৰাৰ বাবে সন্মিলনীৰ এই নতুন নাম দিয়া হয় বুলি উল্লেখ কৰে সংগঠনটোৰ বিষয়ববীয়াই ৷
এই অধিৱেশনতে মণ্ডলসকলৰ বাবে চৰকাৰে প্ৰস্তত কৰা নতুন সেৱা বিধিৰ কেইটামান অংশ নতুনকৈ বিবেচনা কৰিবলৈ চৰকাৰক আহ্বান জনায় সংগঠনটোৱে ৷ ভ্ৰমণ ভাত্তা প্ৰৱৰ্তন, জিলাভিত্তিক বদলীকৰণ আদি কেইবাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰও প্ৰদান কৰা হয় বিভাগীয় মন্ত্ৰী যোগেন মহনক ৷
লগতে পঢ়ক : Gunshot at Bokakhat : বোকাখাতত নিৰাপত্তাৰক্ষীৰ শূন্যলৈ গুলীচালনা