ETV Bharat / state

ধেমাজিৰ নগৰ স্বাস্থ্য কেন্দ্ৰত মুকলি এটা আদৰ্শ টীকাকৰণ কেন্দ্ৰ - ধেমাজি জিলা নগৰ স্বাস্থ্য কেন্দ্ৰ

মংগলবাৰে ধেমাজি জিলা নগৰ স্বাস্থ্য কেন্দ্ৰ(Dhemaji Urban Health Center)ত এটা আদৰ্শ টীকাকৰণ কেন্দ্ৰ(model vaccination centre) আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ অনুষ্ঠিত সভাত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উদয়ন বৰুৱাকে ধৰি স্বাস্থ্য বিভাগৰ-বিষয়া কমৰ্চাৰীসকল উপস্থিত থাকে ৷

model vaccination centre
ধেমাজিৰ নগৰ স্বাস্থ্য কেন্দ্ৰত এটা আদৰ্শ টীকাকৰণ কেন্দ্ৰ মুকলি
author img

By

Published : Jun 16, 2021, 12:30 PM IST

ধেমাজি, 16 জুন : ধেমাজি জিলা নগৰ স্বাস্থ্য কেন্দ্ৰ(Dhemaji Urban Health Center)ত মংগলবাৰে এটা আদৰ্শ টীকাকৰণ কেন্দ্ৰ(model vaccination centre) আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আদৰ্শ টীকাকৰণ কেন্দ্ৰ(model vaccination centre)টো মুকলি কৰে ৷

উল্লেখ্য যে, অনুষ্ঠিত সভাত সাংসদ গৰাকীৰ লগতে উপস্থিত থাকে ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উদয়ন বৰুৱাকে ধৰি স্বাস্থ্য বিভাগৰ-বিষয়া কমৰ্চাৰীসকল ৷ সভাত সাংসদ প্ৰদান বৰুৱাই ৰাইজক উদ্দেশ্য কৰি কয় যে, বতৰ্মান বিজেপি চৰকাৰে ক’ভিড পৰিস্থিতিৰ হকে মোকাবিলাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰি গৈছে ৷

ধেমাজিৰ নগৰ স্বাস্থ্য কেন্দ্ৰত এটা আদৰ্শ টীকাকৰণ কেন্দ্ৰ মুকলি

‘চৰকাৰৰ পূঁজিৰ অভাৱ নাই; কিন্তু প্ৰতিষেধক একেবাৰতে তৈয়াৰ কৰিব পৰা হোৱা নাই ৷’ এইদৰে উল্লেখ কৰে সাংসদজনে ৷ সেয়ে প্ৰতিষেধক পৰ্যাপ্ত পৰিমাণে উপলব্ধ নোহোৱালৈকে সকলো ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাই সাংসদজনে ৷

লগতে পঢ়ক : মীন বিভাগৰ আঁচনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.