ETV Bharat / state

Amrit Kalash Yatra : চিমেন চাপৰিত আয়োজন অমৃত কলহ যাত্ৰা - চিমেন চাপৰিত আয়োজন অমৃত কলহ যাত্ৰা

গান্ধী জয়ন্তী উপলক্ষে জোনাইৰ চিমেন চাপৰিত মোৰ মাটি মোৰ দেশ কাৰ্যসূচী অধীনত অনুষ্ঠিত কৰা হয় অমৃত কলহ যাত্ৰা ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত অংকুৰ ভঁৰালীৰ লগতে সহস্ৰাধিক মহিলা ৷

Amrit Kalash Yatra
মোৰ মাটি মোৰ দেশ কাৰ্যসূচী অধীনত অনুষ্ঠিত অমৃত কলহ যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 9:29 AM IST

মোৰ মাটি মোৰ দেশ কাৰ্যসূচী অধীনত অনুষ্ঠিত অমৃত কলহ যাত্ৰা

জোনাই, ৩ অক্টোবৰ : গান্ধী জয়ন্তী উপলক্ষে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অধীনত সোমবাৰে চিমেন চাপৰিত অমৃত কলহ যাত্ৰা অনুষ্ঠিত কৰা হয় । চিমেন চাপৰি গাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ অংশ হিচাবে পুৱা ১০ বজাত বন্তি প্ৰজ্বলন আৰু মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভঁৰালীয়ে । ইয়াৰ পাচতে জাতীয় সংগীতেৰে আৰম্ভ হোৱা অমৃত কলহ যাত্ৰাৰ তাৎপৰ্য ব্যাখ্যা কৰে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভঁৰালীয়ে ৷

তেওঁ কয়, ‘‘মেৰি মাটি মেৰা দেশ কাৰ্যসূচীৰ অধীনত আজি অমৃত কলহ যাত্রা অনুষ্ঠিত হয় । ২৬ অক্টোবৰলৈ চলিবলগীয়া অমৃত কলহ যাত্ৰাৰ অধীনত কালি ক্লাৱ, আত্মসহায়ক গোট বা আন আন গোটসমূহে প্রতিখন গাঁও, নিৰ্বাচিত পৌৰ সভাৰ প্ৰতিটো ঘৰৰ পৰা এমুঠিকে মাটি সংগ্রহ কৰি অভিযান ৰূপায়ণ কৰা হৈছে ৷ মাটি নথকাসকলৰ পৰা এমুঠিকৈ চাউল সংগ্ৰহ কৰা হৈছে’’ ৷

তেওঁ আৰু কয়, ‘‘২ অক্টোবৰৰ দিনা গাঁও বা ৱাৰ্ডৰ পৰা অমৃত কলহ সমূহ পঞ্চায়তলৈ লৈ অহাৰ লগতে বীৰ বন্দনা কৰা হ'ব । গাঁওসমূহৰ মাটি পঞ্চায়তৰ কাৰ্যালয়ত মিহলি কৰি কলহত থৈ নামঘৰ, ৰাজহুৱা অনুষ্ঠান নির্মাণ হ'লে ব্যৱহাৰ কৰা হ'ব’’ ।

‘‘আনহাতে, ২৫ অক্টোবৰত মাটিৰ কলহসমূহ গুৱাহাটীলৈ নিয়া হ'ব আৰু ২৬ অক্টোবৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৫৪০ টা অমৃত কলহ সংগ্রহ কৰি ৰখা হ'ব । ইয়াৰে ২৭০ টা কলহ গহপুৰত কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যবহাৰৰ বাবে সংৰক্ষণ কৰা হ'ব । ২৭ অক্টোবৰত অৱশিষ্ট ২৭০ টা মাটি ভর্তি পিতলৰ কলহ নতুন দিল্লীলৈ নিয়া হ'ব । নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নির্মীয়মান অমৃত উদ্যানস্থলীত এই মাটি ব্যৱহাৰ কৰা হ'ব ৷’’ এই কথা উল্লেখ কৰে অংকুৰ ভঁৰালীয়ে ৷

চিমেন চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে আঁতধৰা এই অনুষ্ঠানত মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পৰমা শইকীয়া, বিশিষ্ট সমাজকৰ্মী বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, ৰুদ্ৰ দৈমাৰী, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ দুৱৰা, চিমেন চাপৰি চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ সভানেত্ৰী ৰাণু গগৈ, সম্পাদক দিগন্ত গগৈ, উপ সভাপতি ৰজনী সন্দিকৈ, আত্মসহায়ক গোটৰ সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে ।

এই সভাতে চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ তৰফৰ পৰা চিমেন চাপৰিৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত এখন স্মাৰক পত্ৰ জিলা আয়ুক্তগৰাকীক প্ৰদান কৰা হয় । ইয়াৰ পাচতে গান্ধী জয়ন্তী উপলক্ষে এখন গাঁও সভা অনুষ্ঠিত কৰা হয় । চিমেন চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত পঞ্চায়তখনে ৰূপায়ণ কৰি থকা বিভিন্ন উন্নয়ন আঁচনিৰ ওপৰত পৰ্যালোচনা চলোৱা হয় আৰু কেবাখনো বহনক্ষম আঁচনি গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক : Amrit Kalash Yatra: দেৱলোকৰ পৰা আহি বৰপেটাৰোডত ‘অমৃত কলহ যাত্ৰাৰ ভাওনা’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.