ETV Bharat / state

Amrit Kalash Yatra : বিশাল সমদলেৰে জোনাইত অমৃত কলহ যাত্ৰা কাৰ্যসূচী; বিধায়ক ভূবন পেগুৰ অংশগ্ৰহণ - অমৃত কলহ যাত্ৰা

বাহিৰ জোনাই গাঁও পঞ্চায়তৰ উদ্যোগত অমৃত কলহ যাত্রাৰ এক বিশাল সমদল ৷ ই যাত্ৰা উপলক্ষে বাহিৰ জোনাইৰ বলাইপাম প্ৰাথমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত উপস্থিত থাকি জোনাইৰ বিধায়ক ভূবন পেগুৱে অংশগ্ৰহণ কৰে ৷

Amrit Kalash Yatra
জোনাইত অমৃত কলহ যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 7:55 PM IST

অমৃত কলহ যাত্ৰা

জোনাই, ২৫ ছেপ্টেম্বৰ : বাহিৰ জোনাই গাঁও পঞ্চায়তৰ উদ্যোগত মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অন্তৰ্গত অমৃত কলহ যাত্রাৰ এক বিশাল সমদল সোমবাৰে বাহিৰ কৰা হয় ৷ এই যাত্ৰা উপলক্ষে বাহিৰ জোনাইৰ বলাইপাম প্ৰাথমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত উপস্থিত থাকি জোনাইৰ বিধায়ক ভূবন পেগুৱে অংশগ্ৰহণ কৰে ৷

তেওঁ কয় যে, চমকঙত অমৃত কলহ যাত্রা অনুষ্ঠিত কৰা হৈছে ৷ ২৬ অক্টোবৰলৈ চলিবলগীয়া অমৃত কলহ যাত্ৰাৰ অধীনত ১ অক্টোবৰলৈ ক্লাৱ, আত্মসহায়ক গোট বা আন আন গোটসমূহে প্রতিখন গাঁও, নিৰ্বাচিত পৌৰসভাৰ প্ৰতিটো ঘৰৰ পৰা এমুঠিকে মাটি অথবা এমুঠিকৈ চাউল সংগ্ৰহ কৰা হৈছে বুলি বক্তব্য ৰাখি ২ অক্টোবৰৰ দিনা গাঁও বা বাৰ্ডৰ পৰা অমৃত কলহ পঞ্চায়তলৈ লৈ অহাৰ লগতে বীৰ বন্দনা কৰা হ'ব ৷ আনহাতে ২৫ অক্টোবৰত মাটিৰ কলহসমূহ গুৱাহাটীলৈ নিয়া হ'ব আৰু ২৬ অক্টোবৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৫৪০টা অমৃত কলহ সংগ্রহ কৰি ৰখা হ'ব ৷ ইয়াৰে ২৭০টা কলহ গহপুৰত কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যবহাৰৰ বাবে সংৰক্ষণ কৰা হ'ব ৷

ইফালে চমকং গাঁও পঞ্চায়তৰ উদ্যোগত অমৃত কলহ যাত্রাৰ এক বিশাল কাৰ্যসূচী চমকং পাগৰ' প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক ভূৱন পেগুৱে চমকং পাগৰ' গাঁৱৰ কেৱলীয়া নামঘৰৰ পৰা আৰম্ভ কৰি চমকং পাগৰ' গাঁৱৰ অৰ্ধশতাধিক ঘৰৰ পৰা ভূমি সংগ্ৰহ কৰে ৷ আজিৰ অনুষ্ঠানত জোনাই মহকুমাধিপতি শান্তনু গগৈ, বাহিৰ জোনাই গাঁও পঞ্চায়তৰ সভানেত্ৰী জিনিতা কুম্বাং কছাৰী, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শচীন দলে, ধেমাজি জিলা পৰিষদৰ সদস্যা শুভাৰাণী ব্ৰহ্ম, চমকং গাওঁ পঞ্চায়তৰ সভাপতি সুকুৰাম ব্ৰহ্ম, মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সদস্য পদ্মনাথ চাৰহ, চমকং গাওঁ পঞ্চায়তৰ সদস্য-সদস্যা, এমএমকেৰ জোনাই জিলা সমিতিৰ সদস্য কান্দা টায়েং, কুমেশ্বৰ মৰাং, আত্মসহায় গোট সমূহৰ সদস্যা সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷

আনহাতে চিলাপথাৰৰ উজনি চিচিটঙানীত গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৭ নং মেছাকী টঙানী, ৮ নং মেছাকী টঙানী আৰু ৯ নং কেবাৰাংগ ৱাৰ্ডত এই যাত্ৰাৰ শুভ উদ্ধোধনী কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুমে ৷ অনুষ্ঠানত টিএমপিকেৰ সভাপতি তিলক দলে, টিএমপিকেৰ প্ৰাক্তন সদস্য উদেশ্বৰ দলে, গাঁও পঞ্চায়তৰ সভানেএী ডিম্পুল কুটুম জাতীয় সংগঠনৰ লগতে পাঁচ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : MLA Rupjyoti Kurmi: অম্বাসুৰৰ ৰূপত অৱতাৰ ধাৰণ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.