ETV Bharat / state

Meri Mitti Meri Desh: অমৃত কলহ যাত্রা সন্দৰ্ভত সজাগতা সভা - Public meeting in Jonai

জোনাই সমষ্টিৰ সমগ্ৰ জনসাধাৰণক অতি সুকলমে 'অমৃত কলহ যাত্রা' কাৰ্যসূচীত আগভাগ ল'বলৈ আহ্বান বিধায়ক ভূৱন পেগুৰ । জোনাই টাউন ক্লাবত মূৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ উদ্যোগত অনুষ্ঠিত 'অমৃত কলহ যাত্রা' সভাত এই আহ্বান বিধায়কগৰাকীৰ ।

Amrit Kalah Yatra begins in Jonai
অমৃত কলহ যাত্রা সন্দৰ্ভত সজাগতা সভা
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 8:00 AM IST

Updated : Sep 22, 2023, 8:35 AM IST

অমৃত কলহ যাত্রা সন্দৰ্ভত সজাগতা সভা

জোনাই, ২২ ছেপ্টেম্বৰ: ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বুধবাৰৰ পৰা আৰম্ভ হৈছে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অমৃত কলহ যাত্ৰা । দেশমাতৃৰ ৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদসকলৰ সন্মানার্থে দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা 'মোৰ মাটি মোৰ দেশ ' কাৰ্যসূচীৰ অংশস্বৰূপে সমগ্ৰ অসমত ব্যাপক আৰু সৰ্বজনীনৰূপত ৰূপায়ণ কৰা হৈছে এই 'অমৃত কলহ যাত্রা' কাৰ্যসূচী ।

ইয়াৰে অংশস্বৰূপে মূৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ উদ্যোগত বৃস্পতিবাৰে দিনৰ ৩:৩০ বজাত জোনাই টাউন ক্লাবত অনুষ্ঠিত হোৱা এক বিশেষ সভাত অংশগ্রহণ কৰি জোনাই বিধায়ক ভূৱন পেগুৱে সকলোকে এই কাৰ্যসূচীক সফল কৰিবলৈ সকলোকে আহ্বান জনায় । উল্লেখ্য যে 'অমৃত কলহ যাত্রা' অধীনত ২০ চেপ্তেম্বৰৰ পৰা ৰাজ্যৰ প্ৰতিখন গাঁও তথা পৌৰসভাৰ প্ৰতিঘৰৰ পৰা কলহত মাটি তথা চাউল সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।

অহা ২ অক্টোবৰত প্ৰতিঘৰৰ পৰা সংগৃহীত মাটি/চাউল অমৃত কলহত সংগ্ৰহ কৰি গাঁৱৰ ২০০-৩০০ ব্যক্তিয়ে শোভাযাত্ৰা কৰি দিনৰ ১১ বজাত গাঁও পঞ্চায়ত/পৌৰ কাৰ্যালয়ত উপস্থিত হ'ব । ৮ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈকে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা নতুন দিল্লীৰ অমৃত বাটিকালৈ প্ৰেৰণ কৰা হ'ব ।

পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ দেশৰ প্ৰতিঘৰৰ পৰা সংগৃহীত মাটি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নির্মীয়মান অমৃত উদ্যানস্থলীত ব্যৱহাৰ কৰা হ'ব । সমগ্ৰ ভাৰতবৰ্ষৰ লগতে জোনাই সমষ্টিৰ সমগ্ৰ জনসাধাৰণক অতি সুকলমে এই কাৰ্যসূচীত আগভাগ ল'বলৈ আহ্বান জনায় বিধায়ক ভূৱন পেগুৱে । উক্ত সভাত উপস্থিত থাকে থাকে খণ্ড উন্নয়ন বিষয়া পৰমানন্দ শইকীয়া , জিলা পৰিষদৰ সদস্য অতুল পেগু, জোনাই মহকুমাধিপতি শান্তনু গগৈ, জোনাই চক্রৰ চক্র বিষয়া প্ৰমুখ্যে বিভিন্ন গাঁও পঞ্চায়তৰ সদস্য-সদস্যাসকল ।

লগতে পঢ়ক: Arrival of autumn: দুভৰিৰে নিয়ৰ গচকি আহিনৰ বোকোচাত উঠি আহিছে শৰৎ

Last Updated : Sep 22, 2023, 8:35 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.