ETV Bharat / state

কোচ জনগোষ্ঠীক খিচিৰি বনাবলৈ বিচাৰিছে অসম চৰকাৰে - পৰাগ কোচ সদৌ অসম কোচ যুৱ পৰিষদ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজবংশীসকলৰ ৰাজনৈতিক শক্তিৰ লগত ভাল থকাৰ স্বাৰ্থতে কোচ সকলক তেওঁলোকৰ লগত একত্ৰিত কৰি খিচিৰি কৰিবলৈ বিচাৰিছে ৷ মেঘালয়ৰ কোচ সকলক ভাৰত চৰকাৰে জনজাতিৰ মৰ্যদা দিয়াৰ দৰে অসমৰ কোচ সকলকো জনজাতিৰ মৰ্যদা প্ৰদান কৰক চৰকাৰে ৷

All Assam koch yuva parishad press meet at Dhemaji
ধেমাজি প্ৰেছ ক্লাৱত সদৌ অসম কোচ যুৱ পৰিষদৰ সংবাদমেল
author img

By

Published : Feb 22, 2020, 11:38 PM IST

ধেমাজি, 22 ফেব্ৰুৱাৰীঃ " অসম চৰকাৰে কোচসকলৰ ইতিহাস নাজানে ৷ ইতিহাস নজনা বাবেই কোচ সকলক ৰাজবংশী সকলৰ সৈতে একাকাৰ কৰিব বিচাৰিছে ৷ " ধেমাজি প্ৰেছ ক্লাৱত শনিবাৰে সংবাদমেল সম্বোধন কৰি সদৌ অসম কোচ যুৱ পৰিষদে উত্থাপন কৰে এই গুৰুত্বৰ অভিযোগ ৷

ধেমাজি প্ৰেছ ক্লাৱত সদৌ অসম কোচ যুৱ পৰিষদৰ সংবাদমেল

সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পৰাগ কোচে কয় যে,অসমৰ আৰ্থিক,ৰাজনৈতিক,সামাজিক আৰু শৈক্ষিক ইতিহাসত কোচ জনগোষ্ঠীৰ যথেষ্ট গুৰুত্ব আছে ৷ কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজবংশীসকলৰ ৰাজনৈতিক শক্তিৰ লগত ভাল থকাৰ স্বাৰ্থতে কোচ সকলক তেওঁলোকৰ লগত একত্ৰিত কৰি খিচিৰি কৰিবলৈ বিচাৰিছে ৷ সেয়ে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কোচ জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনাত মিলিত হ'বলৈও আহ্বান জনাই সংগঠনটোৱে ৷ ইয়াৰোপৰি মেঘালয়ৰ কোচ সকলক ভাৰত চৰকাৰে জনজাতিৰ মৰ্যদা দিয়াৰ দৰে অসমৰ কোচ সকলকো জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনায় ৷ লগতে ৰাজবংশী উন্নয়ন পৰিষদ ভংগ কৰি কেৱল কোচ উন্নয়ন পৰিষদ গঠন কৰিবলৈও দাবী উত্থাপন কৰে ৷ অন্যথা আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা তথা কোচৰ সৰ্বাধিক ভোটাৰ থকা মাজুলী সমষ্টিত মুখ্যমন্ত্ৰী গৰাকীয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি মন্তব্য কৰে সংগঠটোৰ শীৰ্ষ নেতৃবৃন্দই ৷

লগতে পঢ়কঃমহানগৰীত বন্ধ হ'ব ৰেপিড' বাইক সেৱা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.