জোনাই,26 এপ্ৰিলঃ জোনাইত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা বিনামূলীয়াকৈ বিতৰণ কৰা হয় মাস্ক ৷ গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত পৰম্পৰাগত কাপোৰেৰে তৈয়াৰ কৰা মাস্কসমূহ বিতৰণ কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সদস্যসকলে ৷ ইয়াৰ উপৰিও বিশেষকৈ জৰুৰীকালীন সেৱাৰ লগত জড়িত আৰক্ষী,চিকিৎসক,নাৰ্চ,সাংবাদিক,চাফাইকৰ্মী,প্ৰশাসন তথা আৰক্ষী ছাউনী আৰু চিকিৎসালয়ত বিতৰণ কৰা হয় এই হস্তনিৰ্মিত মাস্কসমূহ ৷ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ এই উদ্যোগক শলাগ লৈছে সাধাৰণ ৰাইজে ৷
জোনাইত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মাস্ক বিতৰণ
জোনাইত গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত পৰম্পৰাগত কাপোৰেৰে তৈয়াৰ কৰা মাস্ক বিতৰণ কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সদস্যসকলে ৷ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ এই উদ্যোগক শলাগ লৈছে সাধাৰণ ৰাইজে ৷