ETV Bharat / state

Bengali leader slams BJP: অসমৰ হিন্দু বঙালীক প্ৰয়োজন নাই নাগৰিকত্ব সংশোধনী আইন; ৰঞ্জিৎ কুমাৰ ৰয়

বঙালী জাতীয় পৰিষদৰ সপ্তম দ্বি-বাৰ্ষিক ধেমাজি জিলা অধিৱেশনত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিল বঙালী নেতাসকল (All Assam Bengali Jatiya Parishad slams BJP) ৷ বিজেপি চৰকাৰে হিন্দু বঙালী লোসককলক লাঞ্চনা বঞ্চনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷

author img

By

Published : Apr 7, 2023, 6:35 PM IST

All Assam Bengali Jatiya Parishad slams BJP
প্ৰেছাৰ ষ্ট্ৰ’ক হৈ মৃত্যু হৈছে NRC ৰ
প্ৰেছাৰ ষ্ট্ৰ’ক হৈ মৃত্যু হৈছে NRC ৰ

জোনাই, ৭ এপ্ৰিল: ধেমাজি জিলাৰ জোনাইৰ চিলাপথাৰত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বঙালী জাতীয় পৰিষদৰ ধেমাজি জিলাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন ৷ আজি এই অনুষ্ঠানৰ দ্বিতীয়টো কাৰ্যসূচী হিচাপে এখন মুকলি সভাৰ আয়োজন কৰা হয় ৷ এই সভাত হিন্দু বাঙালী সকলৰ জ্বলন্ত সমস্যাৰ ওপৰত হোৱা পৰ্যালোচনাত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে বক্তাসকলে (All Assam Bengali Jatiya Parishad slams BJP) ৷

বঙালী জাতীয় পৰিষদৰ নেতা ৰঞ্জিৎ কুমাৰ ৰয়ে কয় যে, হিন্দুত্বৰ শ্লোগানৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত অসমত লাঞ্চনা-বঞ্চনাৰ সন্মুখীন হৈছে হিন্দু বঙালী লোকসকল । বিজেপি চৰকাৰখনে ডি-ভোটাৰ, বিদেশীৰ জাননী, ডিটেনশ্যন কেম্পৰ নামত হিন্দু বঙালী লোকসকলক ষড়যন্ত্ৰমূলকভাৱে হাৰাশাস্তি কৰিছে (All Assam Bengali Jatiya Parishad react on NRC) ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ডি-ভোটাৰ, বিদেশী সমস্যা, ডিটেনশ্যন কেম্পত থকা প্ৰকৃত ভাৰতীয় হিন্দু-বঙালীসকলক বিনা চৰ্তে মুকলি কৰি দিবলৈ তেওঁ দাবী জনায় (All Assam Bengali Jatiya Parishad demand rights) ৷ অন্যথা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ বঙালীসকল সাজু আছে বুলি ৰয়ে উল্লেখ কৰে ।

ইফালে ব্ৰহ্মপুত্ৰ উপত্যকাত থকা হিন্দু বঙালীসকলৰ আৰ্থ-সামাজিক উত্তৰণৰ বাবে শীঘ্ৰে ৰাজ্যত বঙালী চেটেলাইট কাউনঞ্চিল গঠনৰ দাবী তুলিছে নেতা ৰঞ্জিৎ কুমাৰ ৰয়ে । লগতে ৰয়ে কয় যে, অখণ্ড ভাৰতবৰ্ষৰ মাটিত জন্ম হোৱা হিন্দু-বঙালী সকল কেতিয়াও বিদেশী হ'ব নোৱাৰে । বিজেপিৰ নাগৰিকত্ব সংশোধনী আইন ২০২০ অৰ্থাৎ 'কা'ৰ প্ৰয়োজন নাই হিন্দু বঙালীক । বিগত দিনত 'কা' আইনক লৈ অসমত যি ভয়াৱহ ঘটনাৰ উদ্ভৱ হৈছিল তাৰ বাবে বিজেপি চৰকাৰ জগৰীয়া । NRC ৰ নামত কেৱল চৰকাৰে কোটি কোটি টকাৰ শ্ৰাদ্ধ পাতিছে । কেৱল সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি দিয়া হৈছে ।

লগতে পঢ়ক: Cyber crime in Morigaon : প্ৰৱঞ্চনাৰ জাল; চাইবাৰ অপৰাধীৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ৩৮৬ খন এটিএম কাৰ্ড

বৰ্তমান NRC খনৰ প্ৰেছাৰ ষ্ট্ৰ’ক হৈ মৃত্যু হৈছে বুলি দাবী উত্থাপন কৰিছে বঙালী জাতীয় পৰিষদৰ উপদেষ্টা তথা UPPL ৰ উপ-সভাপতি সাধন বৈশ্যই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.