ধেমাজি, 17 ফেব্ৰুৱাৰী : ধেমাজিত জীয়াঢলৰ দিহিৰি কেকুৰি মিচিং গাঁৱত পৰম্পৰাগতভাৱে দুদিনীয়া কাৰ্যসূচীৰে আলি-আয়ে-লৃগাং উদযাপন ৷ পূৰ্বৰে পৰাই ফাগুন মাহৰ পহিলা বুধবাৰে পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক এই উৎসৱ আলি-আয়ে-লৃগাং ৷
পুৱাৰে পৰা গুমৰাগৰ ছন্দত মিচিং জীয়াৰী বোৱাৰীয়ে নাচিছে একেলগে ৷ ঐনিতমৰ সুৰত মুখৰিত হৈছে চৌপাশ ৷ ইয়াৰ পিছতে পৰম্পৰাগত পানীয় ছাই আপং, গাহৰি মঙহ, পুৰাং আপিন আদি সকলোৱে মিলি খাই আনন্দ কৰে ৷
লগতে পঢ়ক : কোকৰাঝাৰত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত